Breaking

সোণতলীৰ জাওঁকাটাত অখিল গগৈৰ মুক্তিৰ দাবীত মিঞা পৰিষদৰ প্ৰতিবাদ

0 1,314

সোণতলী : দক্ষিণ কামৰূপৰ জাওঁকাটা  কলহীপাৰ আঞ্চলিক বজাৰ প্ৰাংগণত আজি অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ জাওঁকাটা কলহীপাৰ বজাৰ ক্লাৱ আৰু ৰাইজৰ সহযোগত জণদৰদী নেতা অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিয়া, এবিআমছূৰ নেতা লাফিকুল হত্যাৰ ন্যায়, লাফিকুল হত্যাৰ অপৰাধীক গ্ৰেপ্তাৰ, নাগৰিকত্ব সংশোধনী আইন বাতিল আদি বিভিন্ন দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰীসকলে অসম মিঞা পৰিষদ জিন্দাবাদ, অখিল গগৈক মুক্তি দিয়ক, লাফিকুল হত্যাৰ ন্যায় লাগে, লাফিকুল হত্যাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰক, জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন (কা) আমি নামানো, কা আমাক নালাগে, অসম চৰকাৰ হায় হায়, জয় আই অসম আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম মিঞা (অসমীয়া) পৰিষদ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে অসম চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে অসমৰ নিষ্পেষিত, বঞ্চিত আৰু অসমত জাপি দিয়া অসমীয়া জাতিধ্বংসী, সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী, ভাৰতৰ সংবিধানৰ মূল কাঠাম ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ নৎসাত তথা অসমীয়াৰ হকে মাত মতা জণনেতা অখিল গগৈক অন্যায় আৰু আক্ৰোশ মূলকভাৱে হিটলাৰী কায়দাৰে আটক কৰি ৰাখিছে। এয়া অসম চৰকাৰৰ চৰম অন্যায় আৰু অমানৱীয় কাৰ্য। প্ৰকৃতাৰ্থে চৰকাৰে অখিল গগৈক ভয় কৰি কৌশলগতভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ চলাই আহিছে, ইয়াৰোপৰি এম মুক্তাৰ মণ্ডলে কয় যে মিঞা জণগোষ্ঠীৰ মাজৰ ধৰ্মীয় সংখ্যালঘুৰ তথা এবিআমছুৰ নেতা লাফিকুল হত্যাৰ আজি তিনি বছৰ ওকলি গ’ল কিন্তু আজিলৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহ’ল কিয়? হাগ্ৰামা প্ৰশাসনৰ কোনোবা এজন নিশ্চয় হত্যকাৰীৰ সৈতে জড়িত আছে৷ সেয়ে লাফিকুল হত্যাৰ বাবে হাগ্ৰামা চৰকাৰ দায়ী৷ এনে ধৰণৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে এম মুক্তাৰ মণ্ডলে৷ বিজিপি চৰকাৰে আৰ এছ এছৰ শ্ৰুতলিপিত অসমত যি বিদেশী সমস্যা সমাধানৰ বিপৰীতে নতুনকৈ নাগৰিকত্ব সংশোধনী আইন জাপি দি লাখ লাখ বাংলাদেশী বিদেশী অসমত সংস্থাপন কৰিবলৈ যি চক্ৰান্ত কৰিবলৈ লৈছে তাক সফল কৰিবলৈ দিয়া নহ’ব বুলিও মত প্ৰকাশ কৰে এম মুক্তাৰ মণ্ডলে৷ ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা এজনো বাংলাদেশী অসমত সংস্থাপন কৰিবলৈ দিয়া নহ’ব, অন্যথায় গণতান্ত্ৰিক ভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে৷ প্ৰতিবাদী কাৰ্যসূচীত অসম মিঞা পৰিষদ কামৰূপ জিলাৰ সহকাৰী সম্পাদক আব্দূল হাই, মিঞা পৰিষদৰ কৰ্মকৰ্তাসকল, জাওকাটা কলহীপাৰ বজাৰ ক্লাৱৰ সভাপতি হেফজূৰ ৰহমান, ক্লাৱৰ সম্পাদক নবিৰ হুছেইন, জাওকাটা কলহীপাৰ আঞ্চলিক বজাৰ পৰিচালনা সমিতিৰ সভাপতি বিলাত হুছেইন, সম্পাদক বিল্লাল হুছেইন, সমাজ কৰ্মী আক্কেছ আলী, মণিৰ উদ্দিণ আদি দুই শতাধিক ব্যক্তি উপস্থিত থাকে।

Leave A Reply