Breaking

তেজপুৰৰ আশ্ৰিত কন্যা শিৱানী ডেকা জিলিকিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত, অনাদৃত শিশুক শিক্ষা দানেৰে মহানুভৱতা মহেন্দ্ৰ বৰুৱাৰ…

0 13

আৰ্থিক সমস্যা বা যিকোনো সমস্যা কেতিয়াও শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ বা অন্তৰায় যে হ’ব নোৱাৰে সেই কথা পুনৰ এশ শতাংশ সত্য প্ৰমাণিত কৰি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল তেজপুৰৰ নিকটৱৰ্তী গটঙা নামডেকা চুবুৰীত এগৰাকী ব্যক্তিৰ ঘৰত আশ্ৰিতা হিচাপে থকা পিতৃহীনা তথা অৱহেলিত আৰু অনাদৃত শিৱানী ডেকা। শিৱানীয়ে তেজপুৰ চাৰিআলি কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ইংৰাজী, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞানত লেটাৰ আৰু ষ্টাৰ নম্বৰ সহ ৭৭ শতাংশ ফলেৰে কৃতিত্ব লাভ কৰা এই সংবাদৰ লগত আন এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতাৰ দিশ পৰিস্ফুট হৈ পৰিছে। উল্লেখ্য যে গটঙা নামডেকা চুবুৰীৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী মহেন্দ্ৰ বৰুৱাই ভালুকপুঙৰ পিতৃহীন শিৱানীক ৬ বছৰ বয়সতে আশ্ৰয় প্ৰদান কৰি পঢ়া শুনা কৰোৱাই নহয় নিজৰ সন্তানৰ দৰে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছিল।

ডেকাৰ গাঁও প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি বিদ্যালয়লৈ যোৱাৰ সকলো সুবিধা প্ৰদান কৰি আন সকলো দিশতে শিৱানীক আগভাগ লোৱাত সকলো প্ৰকাৰে উদ্বুদ্ধ কৰি অহাৰ মাজতে শিৱানীয়ে ঘৰখনৰ যাৱতীয় সকলো কাম – কাজ সম্পন্ন কৰি সমান্তৰাল ভাৱে আগবঢ়াই নিছিল নিজৰ পঢ়া শুনা।প্ৰাথমিক শ্ৰেণীত পঢ়ি থাকোতেই বৃত্তিও লাভ কৰা শিৱানীৰ মাতৃও আনৰ ঘৰত কাম কৰা মহিলা হিচাপে শিৱানী শিশু অৱস্থাতে অসমৰ বাহিৰৰ কেৰেলাত থকা অৱস্হাত কোনো দিনে নিজৰ পিতৃ – মাতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়া মহানুভৱ মহেন্দ্ৰ বৰুৱাই গান গোৱাত ৰাপ থকা শিৱানীক গান শিকিবলৈও বিভিন্ন প্ৰকাৰে অনুপ্ৰেৰণা যোগাই আহিছিল বুলি আজি সাংবাদিকৰ আগত সদৰি কৰাৰ লগতে ড০ ভূপেন হাজৰিকাৰ গীত , জ্যোতি সংগীত, বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু বিয়ানাম গাই ভাল পাই বুলি জনাই। আনহাতে সৰুৰে পৰা আশ্ৰয় প্ৰদান কৰোতা মহেন্দ্ৰ বৰুৱাক ককা আৰু মহেন্দ্ৰ বৰুৱাৰ পত্নীক আইতা বুলি সম্বোধন কৰা শিৱানীয়ে কেতিয়াও কোনো কাৰণতে পিতৃ – মাতৃৰ অভাৱ অনুভৱ কৰা নাছিল বুলি মন্তব্য কৰি ঘৰখনৰ পৰা পোৱা পৰ্য্যাপ্ত মৰমে সেই অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল বুলি কয়। আনহাতে ইয়াৰ পূৰ্বেও দৰিদ্ৰ আদিবাসী পৰিয়ালৰ এগৰাকী আদিবাসী শিশু নিজ কন্যাৰ দৰে ডাঙৰ – দীঘল কৰি বিয়া পৰ্য্যন্ত দিয়া বদান্য ব্যক্তি মহেন্দ্ৰ বৰুৱাই শিৱানীৰ এই ফলাফলত উৎফুল্লিত হৈ কৈ আগন্তুক সময়ত তাই যি পঢ়ে তাৰ বাবে তেওঁৰ পেন্সনৰ ধন ব্যয় কৰিব বুলি মন্তব্য কৰে। নিজৰ নাতিনীৰ দৰে চেনেহ কৰি সৰুৰে পৰা ডাঙৰ – দীঘল কৰা মহেন্দ্ৰ বৰুৱাৰ পত্নীও আজি শিৱানীৰ এই কৃতিত্বত উৎফুল্ল হৈ পৰাৰ লগতে শিৱানীক বিনা পইচাৰে পঢ়া শুনাৰ তদাৰক কৰা স্হানীয় সমাজ আৰু সাংস্কৃতিক কৰ্মী শ্ৰীমান বৰুৱাই শিৱানীক নিজৰ ঘৰত ইংৰাজী শিক্ষাৰ পাঠদান কৰাৰ সময়তে শিৱানীৰ নিষ্ঠা আৰু একাগ্ৰতা প্ৰতক্ষ কৰিছিলোঁ বুলি কৈ এগৰাকী অৱহেলিত আৰু অনাদৃত শিশুক এনেদৰে ডাঙৰ – দীঘল কৰি সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়া সংস্কাৰী মনৰ মহেন্দ্ৰ বৰুৱা অঞ্চলটোৰ বাবে এক আদৰ্শ ব্যক্তি হিচাপে পৰিগণিত হৈছে বুলি কয়।


উল্লেখ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলত অতি আশাব্যঞ্জক ভাৱে তেজপুৰ কেতেকীবাৰীৰ নৱপ্ৰভাত শিশু গৃহৰ দুগৰাকী ছাত্ৰী জুনুকা বিদ্যুৎ শইকীয়া আৰু ছিংকী বিদ্যুৎ শইকীয়াই ক্ৰমে ৫২ শতাংশ আৰু ৫৯ শতাংশ নম্বৰেৰে উৰ্ত্তীণ হোৱাত শিশু গৃহখনৰ সৈতে জড়িত সকলোৰে লগতে তেজপুৰৰ ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে তেজপুৰৰ আন দুখন শিশু গৃহ স্নেহ বন্ধনৰ মিনু দাস আৰু ছফ্ট চীডৰ বিকী ওৰাঙো উৰ্ত্তীণ হোৱাত ৰাইজ আহ্লাদিত হৈছে। সেইদৰে তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ শংকৰদেৱ শিশু নিকেতনেও আজি ঘোষিত ফলত এশ শতাংশ ফলেৰে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত অঞ্চল বাসী উৎফুল্লিত হৈ পৰিছে। বিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থীয়ে ডিষ্টিংচন নম্বৰ লাভ কৰাৰ লগতে দুগৰাকীয়ে ষ্টাৰ নম্বৰ, ২২ গৰাকীয়ে প্ৰথম বিভাগ আৰু ৮ গৰাকীয়ে দ্বিতীয় বিভাগৰে এশ শতাংশ ফল লাভ কৰিবলৈ সক্ষম হয়।

Leave A Reply