Breaking

পানেৰী প্ৰেছ ক্লাবৰ সৌজনত মিনি মাৰাথন দৌৰ।

0 2,056

আগন্তুক ইং ১৪ নৱেম্বৰ ২০২১ তাৰিখে শিশু দিৱস উপলক্ষে ওদালগুৰি জিলাৰ অন্তৰ্গত পানেৰী প্ৰেছ ক্লাৱৰ উদ্যোগত ল’ৰা তথা যুৱকৰ মিনি মাৰাথন দৌৰৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। উক্ত খেলখন পানেৰী আৰক্ষী থানাৰ সন্মুখৰ পৰা দেউলগুৰি চাৰিআলিলৈ গৈ পুনৰ দেউলগুৰি চাৰিআলিৰ পৰা পানেৰী চকলৈ প্ৰায় ১৮ কিলোমিটাৰৰ দৌৰ প্ৰতিযোগীতা অনুষ্ঠিত কৰা হ’ব। সকলো বয়সৰ লোকে খেলখনত অংশগ্ৰহণ কৰিবৰ পাৰিব লগতে নামভৰ্তি মাচুল ১০০ টকা বুলি উদ‍্যোগতাই জনায়। আনহাতে নামভৰ্তিৰ সময়সীমা ১২ তাৰিখৰ আগত কৰিবলৈ দৌৰবিদসকলক অনুৰোধ জনোৱা হয়। উক্ত প্ৰতিযোগীতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগী  সকলক ক্ৰমে নগদ ছয় হাজাৰ এক(৬০০১) টকা, চাৰি হাজাৰ এক(৪০০১) টকা আৰু দুই হাজাৰ (২০০১) টকা সহ একোখন কৈ মানপত্ৰ প্ৰদান কৰা হ’ব। উক্ত প্ৰতিযোগীতাত  অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগী সকলক পানেৰী প্ৰেছ ক্লাব তথা ফোন নং ৭০০২৪৪৫৭৭১/ ৮৮২২৩৮০৪৮৪ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।

Leave A Reply