Breaking

উন্নয়ণৰ শ্ব’গানেৰে বোকাখাতত মন্ত্ৰী অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

0 2,020

নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই মন্ত্ৰী-বিধায়ক সকলৰ আধাৰশিলা ৰাজনীতিৰো ধুম উঠিছে ৷ সমাপন কৰি গৈছে ইখনৰ পাছত সিখন আঁচনিৰ আধাৰ শিলা আৰু উন্মোচন ৷ ইয়াৰ ব্যতিক্ৰম নহয় অসম গণ পৰিদষ দলৰ সভাপতি, বোকাখাতৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাও ৷ আজি বোকাখাত সমষ্টিৰ পশ্চিমে হাতীখুলিৰ পৰা পূবে ৰঙামাটিলৈকে সামৰি প্ৰায় ২২ কোটি টকাৰ ব্যয় সাপেক্ষে মুঠ ২২ খন আঁচনিৰ কামৰ আধাৰশিলা আৰু হৈ যোৱা কামৰ শুভ উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে ক’ৰবাত যদি ৰঙা ফিটা কাটিছে, আন ক’ৰবাত আকৌ প্ৰচণ্ড জোৰে নাৰিকল ভাঙিছে ৷ বিৰামহীনভাৱে ইখনৰ পৰা সিখন আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা কৰি গৈছে ৷ সমান্তৰালকৈ কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ দলকো সমালোচনা কৰিবলৈও পাহৰা নাই মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ মতে কংগ্ৰেছৰ অসম বচাওঁ আহক অভিযান কেতিয়াও অসম বচাবৰ বাবে নহয় ৷ কংগ্ৰেছ দলটোক পুনৰ বচাই দিছপুৰ দখলৰ বাবেহে এই অভিযান চলাই আছে ৷ দেশৰ স্বাধীনতা অনা কংগ্ৰেছৰ দৰে শক্তিশালী দলটোৱে নিজৰ স্থিতি হেৰুৱাই পেলাইছে ৷ যোৱা পোন্ধৰ বছৰত কংগ্ৰেছৰ অপশাসন আৰু ভ্ৰষ্টাচাৰৰ বাবেই অসমৰ জনসাধাৰণে ২০১৬ চনত কংগ্ৰেছক বিদায় দিলে ৷ ২০১৬ চনত মিত্ৰজোঁটৰ চৰকাৰে দিছপুৰ দখল কৰি অসমৰ দ্ৰুত উন্নয়ণ সাধন কৰিলে ৷ ক্ষমতা লাভেৰে দিছপুৰ দখল কৰাৰ মানসেৰে এতিয়া এ আই ইউ ডি এফৰ দৰে এটা সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কুজকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ দলে ৷ সেই কথা অসমৰ ৰাইজে এতিয়া বুজি পাইছে ৷ গতিকে কংগ্ৰেছ দল কেতিয়া আৰু শাসনলৈ নাহে ৷ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চিলাপথাৰৰ জনসভাত অংশ গ্ৰহণ কৰাৰ পাছত কংগ্ৰেছ দলে নৰেন্দ্ৰ মোডীক এটা পৰিভ্ৰমী চৰাই বুলি কৰা মন্তব্যত মন্ত্ৰী অতুল বৰাৰ কংগ্ৰেছৰ প্ৰতি কটাক্ষ কৰি কয় যে, কংগ্ৰেছ দলটোৱে পোন্ধৰ বছৰীয়া শাসন কালত কৰা উন্নয়ণ যোৱা পাঁচটা বছৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনত হোৱা ব্যাপক উন্নয়ণ আকাশ পাতাল পাৰ্থক্য ৷ এই পাৰ্থক্য কংগ্ৰেছ দলে এতিয়া সহ্য হোৱা নাই আৰু সেইবাবেই তেওঁলোকে আবোল তাবোল বকা আৰম্ভ কৰিছে ৷ লগতে মন্ত্ৰী তথা বিধায়ক অতুল বৰাই নিজ সমষ্টিত হোৱা ব্যাপক উন্নয়ণৰ চাফাই গাবলৈ নাপাহৰিলে সাংবাদিকৰ সন্মুখত ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই যোৱা পাঁচটা বছৰত বোকাখাত সমষ্টিত হোৱা উন্নয়ণৰ বিশেষকৈ ১০০ খন যুক্ত বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়, কহঁৰাৰ শ্বহীদ বেজা বৈষ্ণৱ ৰাজ্যিক চিকিৎসালয়, পশুপালন বিভাগৰ প্ৰশিক্ষণ বিদ্যালয় আৰু চিকিৎসালয়, বোকাখাত ৰাজহুৱা খেলপথাৰ নিৰ্মাণ, এচিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহাৰ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ বাবে সাত কিলোমিটাৰ মাথাউৰি নিৰ্মাণ, ৰাষ্ট্ৰীয় জল যোজন মিচনৰ অধীনত সমষ্টিটোৰ ২৮ টা পানী যোগান আঁচনিৰ উন্নীতকৰণ, নগৰ সমিতিক পৌৰসভালৈ উন্নীতকৰণ, খহনীয়া প্ৰতিৰোধৰ বাবে সমষ্টিটোত ৩২ কিলোমিটাৰ জিঅ’ বোগৰ মাথাউৰি নিৰ্মাণ, প্ৰতিখন ৰাজহ গাঁৱত ৭০ শতাংশ ৰেহাই মূল্যত টেক্টৰ বিতৰণ, সমষ্টিটোৰ ২০ খন গাঁও পঞ্চায়ত আৰু নগৰৰ চাৰিটা ৱাৰ্ডত ৰাস্তাঘাট, দলং, পকী নলা নিৰ্মাণ আদিৰ কথা উল্লেখ কৰে ৷ ইয়াৰ উপৰিও মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ বাকী ১২৫ টা বিধান সভা সমষ্টিত যিমান দ্ৰুত উন্নয়ণ হ’ল, তাৰ বাবেই কংগ্ৰেছ দলৰ চকুত এতিয়া টোপনি নাইকীয়া হৈছে ৷ সেইয়েহে আমাৰ দিনত হোৱা উন্নয়ণ কংগ্ৰেছ কোনো কাৰণতে সহ্য কৰিব পৰা নাই ৷ আমাৰ দিনত হোৱা উন্নয়ণ ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে প্ৰত্যক্ষ কৰিছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমাগত নিৰ্বাচনত অসমৰ জনসাধাৰণে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰকেই ভোট প্ৰদান কৰি পুনৰ দিছপুৰ দখল কৰি চৰকাৰ গঠন কৰাত সহায় কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷ ইফালে বিজেপিৰ নেগুৰত ধৰি আঞ্চলিকতাবাদক নিশেষ কৰা, আঞ্চলিকতাবাদৰ যি ভাষা, সেইয়া বিসৰ্জন দিয়া, সমাগত নিৰ্বাচনত বোকাখাতবাসীয়ে অতুল বৰাক বোকাখাতৰ পৰা বিদায় দিবলৈ ওলোৱা বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে অলপতে বোকাখাতৰ জাতীয় সমন্বয় সমাৱেশত কৰা মন্তব্যৰ প্ৰত্তুত্বৰত মন্ত্ৰী অতুল বৰাই কয় যে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থাকোতে কা-আন্দোলনত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত অধিৱেশনৰ সময়ত সঙ্ঘক লৈ সঙ্ঘৰ বিৰুদ্ধে আছুৰ দৰে এটা জাতীয় যংগঠনৰ নেতা হৈ লুৰীণ জ্যোতি গগৈয়ে কৰা কটু মন্তব্যৰ কথা বোকাখাতবাসীৰ লগতে অসমবাসীয়ে কেতিয়াও পাহৰি যোৱা নাই ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৩৩ লাখ ভক্তৰ অন্তৰত দুখ দি লুৰীণ জ্যোতি গগৈয়ে কৰা মন্তব্যৰ সমাগত নিৰ্বাচনত ভোটাৰ ৰাইজে অসম জাতীয় পৰিষদ দলক ইয়াৰ যোগ্য প্ৰত্তুত্বৰ দিব আৰু বোকাখাতৰ পৰা সমাগত নিৰ্বাচনত পুনৰ তেওঁৱেই বিজয়ী হ’ব বুলি মন্তব্য কৰে ৷ কিন্তু সমাগত নিৰ্বাচনত বোকাখাতৰ পৰা কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়, সি সময়েহে ক’ব ৷

Leave A Reply