Breaking

মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী জোৰামথাঙ্গাক সাক্ষাত মন্ত্ৰী অতুল বৰাৰ…

0 36

আজি ৰাতিপুৱা আইজলত মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী জোৰামথাঙ্গাক সাক্ষাত কৰে মন্ত্ৰী অতুল বৰাই।

অসম চৰকাৰৰ হৈ তেওঁক সৰ্বশ্ৰেষ্ঠ শ্ৰদ্ধা জনোৱা হয়। মুখ্যমন্ত্ৰী ড০ সিংহ বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।


অসম-মিজোৰাম সীমান্ত সমস্যাৰ সৌহাৰ্দ্যপূৰ্ণ সমাধান বিচাৰি উলিওৱাৰ আগ্ৰহৰ বাবে মন্ত্ৰী অতুল বৰাই জোৰামথাঙ্গাক ধন্যবাদ জনায়।বৈঠকত দুয়োখন চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী – ড০ সিংহবিশ্ব শৰ্মা আৰু জোৰামথাঙ্গাৰ মাজত ফোনযোগে এক সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপ হয়। মন্ত্ৰী অশোক সিংঘল, মিজোৰামৰ মন্ত্ৰী লালৰুয়াতকিমা, অসম চৰকাৰৰ আয়ুক্ত আৰু সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সচিব জি ডি ত্ৰিপাঠী আৰু অন্যান্য সকল উপস্থিত থাকে ।


Leave A Reply