Breaking

মঙলদৈত ক’ভিড-১৯ৰ নতুন কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনৰ বুজ ল’লে মন্ত্ৰী ভবেশ কলিতাই

0 67

মঙলদৈ

ৰাজ্যত বহিঃৰাজ্যৰ পৰা নিতৌ শ শ লোকৰ গৃহমুখী আগমণ ঘটাৰ  লগে লগে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ সমান্তৰালকৈ দৰঙৰ গৃহমুখী লোকসকলৰ সফল কোৱাৰাণ্টাইনৰ বাবে অধিক তৎপৰ হৈ পৰিছে দৰং জিলা প্ৰশাসন। মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই সম্পৰ্কত আয়োজিত এক জৰুৰী সভাত জিলাৰ ক’ভিড-১৯ ৰ দায়িত্বৰত তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই জিলাখনৰ নতুন নতুন কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনৰ বেলিকা আৱশ্যকীয় সা-সুবিধাসমূহৰ বুজ লয়৷ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়া তথা খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে স্বাস্থ্য, জনস্বাস্হ্য কাৰিকৰী, শিক্ষা আদি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থকা এই সভাত মন্ত্ৰীজনে সকলোকে ক’ভিড-১৯ৰ বিপক্ষে যুঁজাৰ বেলিকা নিজ নিজ কৰ্তব্য সুচাৰুৰূপে সমাপন কৰিবলৈ আহ্বান জনায়৷ আনহাতে, পুৱাৰ ভাগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় আন এখন গুৰুত্বপূৰ্ণ সভা। ছিপাঝাৰ, মঙলদৈ, দলগাঁও তথা কলাইগাঁৱৰ বিধায়কসকল ক্ৰমে বিনন্দ শইকীয়া, গুৰুজ্যোতি দাস, ইলিয়াছ আলী, মহেশ্বৰ বড়ো, জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা,  আৰক্ষী অধীক্ষক অমৃত ভূঞা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেণ মালাকাৰ, অতিৰিক্ত উপায়ুক্ত,  চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াসকলৰ উপৰি স্বাস্থ্য, জনস্বাস্থ্য, শিক্ষা, তথ্য আৰু জনসংযোগ বিষয়া আদি উপস্থিত থকা এই সভাত জিলাখনৰ সম্ভাব্য ক’ভিড-১৯ ৰ সংক্ৰমণৰ লগত যুঁজিবলৈ সমষ্টি পৰ্য্যায়ত, গাঁও পঞ্চায়ত, ৱাৰ্ড পৰ্যায়ত তিনিখনকৈ হোম কোৱাৰেণ্টাইন ব্যৱস্থাপনা কমিটি গঠন কৰি পৃথক পৃথক ৰণকৌশল প্ৰস্তুত কৰা হয়। সভাত ভাষণ দি উপায়ুক্তজনে কয়, “এতিয়া আমি পূৰ্ণ পৰ্যায়ত সাজু হ’বৰ সময় হ’ল। এই কুক্ষণত আমি প্ৰত্যেকেই সমুখ সমৰৰ ৰণুৱা। এতিয়াৰে পৰা সভা-সমিতি পাতি বিষয়াবৰ্গসকলক বহাই ৰাখি পৰাপক্ষত সময় অপচয় কৰিবলৈ আৰু সময় নাই। আশা কৰিছোঁ সকলোৱে নিজৰ দায়িত্বসমহ বুজি ৰণক্ষেত্ৰত আগুৱাই সফল ভূমিকা পালন কৰিব।” ইয়াৰ পিছতে উপায়ুক্তজনে বিধায়ক, আৰক্ষী অধীক্ষক আদিক নিজ হাতে পোছাকত লগাই দিয়ে একোটাকৈ বেজ৷ ‘মই গৰ্বিত ক’ৰোনা যুঁজাৰু ৰূপে’ বুলি লিপিবদ্ধ থকা এই বেজটো লগাই দি উপায়ুক্তজনে সকলোকে ক’ৰোনা যুঁজত শংকিত নহৈ আগবাঢ়ি যাবলৈ উৎসাহিত কৰে৷

Leave A Reply