Breaking

ওদালগুৰি অসামৰিক চিকিৎসালয়ত আই চিউ আৰু ডাইলছিছ কেন্দ্ৰ মুকলি কৰে মন্ত্ৰী বিমল বৰাই…

0 52

আজি ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়ত পোন্ধৰ খন বিছনা যুক্ত আই চি ইও আৰু পাঁচ খন বিছনা যুক্ত ডাইলছিছ কেন্দ্ৰ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হয়। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী তথা ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই কেন্দ্ৰ মুকলি কৰে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডাইলাইচিছ আঁচনি অধীনত এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। এপল’ ডাইলাইচিছৰ সৈতে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আৰ্হিত আৰম্ভ কৰা এই কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ ৰাইজ যথেষ্ট উপকৃত হব। মন্ত্ৰী গৰাকীয়ে একেদিনাই পোন্ধৰ খন বিছনা যুক্ত আই চি ইও শুভ উদ্বোধন কৰে। বাৰ কোটি টকা ব্যয় সাপেক্ষে ক্ৰিটিকেল কেয়াৰ প্ৰজেক্ট ২০২০ ৰ অধীনত এই আই চি ইউ নিৰ্মাণ কৰা হৈছে।


উল্লেখযোগ্য যে এই অনুষ্ঠানত বিতিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, ই এম ড. নিলোৎ স্বাৰ্গীয়াৰী, জিলা উপায়ুক্ত ড. চাদনেক সিং, অতিৰিক্ত জিলা উপায়ুক্ত বিৰাজ বৰুৱা, যুটীয়া স্বাস্থ্য সঞ্চালক ডা. ভূৱনেশ্বৰ স্বৰ্গিয়াৰী আদিৰ লগতে চিকিৎসালয় খনৰ চিকিৎসক, নাৰ্ছ, বিভাগীয় বিষয়া, কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

বিপুল হাজৰিকা, পানেৰী।

Leave A Reply