Breaking

দলগাঁৱত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিদৰ্শন কৰিলে নদীত জাহ যোৱা বিদ্যালয়…

0 88

দলগাওঁ : ৰাজ্যত বিগত কেইবাদিন ধৰি নেৰা – নেপেৰা বৰষুণৰ ফলত ভয়াৱহ বান পৰিস্থিতিৰ বুজ লবলৈ দলগাঁৱত উপস্থিত হয় দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। মঙ্গলদৈ সমষ্টিৰ ৰঙামাটি অঞ্চল পৰিদৰ্শন কৰি দলগাঁৱত বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

দলগাওঁ শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ১/২ নং বৰুৱাঝাৰ প্ৰাথমিক বিদ্যালয় টাংনী নৈৰ গৰাখহনীয়াত উটি যোৱাৰ ফলত বিদ্যালয়খনত পাঠদান ব্যাহত হৈছে। আজি স্থানীয় বিধায়ক মজিবুৰ ৰহমানৰ নেতৃত্বত উক্ত বিদ্যালয় পৰিদৰ্শন কৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে।

ইফালে, টাংনি নৈৰ ওপৰত ১/২ বৰুৱাঝাৰ আৰু গলন্দি সংযোগী এখন দলং নিৰ্মাণৰ দাবী উঠাত উক্ত ঠাইখনো পৰিদৰ্শন কৰি দলং নিৰ্ঢ়াণৰ বাবে যাৱতীয় ব্যৱস্থা লব বুলি আশ্বাস দিয়ে। বিধায়ক মজিবুৰ ৰহমানৰ প্ৰশংসাত পঞ্চমূখ পাটোৱাৰীয়ে বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বন্যাৰ্তৰ কাষত থিয় দিয়াত শলাগ লয়। পৰিদৰ্শন কালত বিধায়কৰ লগতে উপায়ুক্ত, আৰক্ষী অধীক্ষক, দলগাওঁ ৰাজহ চক্ৰ বিষয়া তথা শিক্ষা বিভাগৰ বিষয়া উপস্থিত থাকে ।

দলগাঁৱৰ পৰা সঞ্জয় লাহাৰ প্ৰতিবেদন

Leave A Reply