Breaking

টংলাত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্রী হিমন্ত বিশ্ব শৰ্মা : আছু জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ তীব্র প্ৰতিবাদ

0 39

টংলা,১৬নৱেম্বৰ : বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী বাকযুদ্ধ তুংগত উঠিছে। ৰাজনৈতি নেতাৰ বাকযুদ্ধ ঢৌয়ে বি টি চিৰ আকাশ বতাহ কঁপাই তুলিছে। বি পি এফ চৰকাৰৰ বিৰুদ্ধে সৰৱহৈ পৰিছে বি জে পি চৰকাৰ। শাসনৰ বাঘজুৰি নিজৰ মুঠিত অনিবলৈ উঠি পৰি লাগিছে ৰাজ্যখনৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।এই সন্দৰ্ভত সোমবাৰে ভাৰতী জনতা পাৰ্টি ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু খালিংদুৱাৰ ব্লক সমিতিৰ সহযোগত বি টি চি পৰিসদীয় নিৰ্বাচন উপলক্ষে টংলাস্হিত মডেল হাইস্কুল খেল পথাৰত বিশাল জন সভা আৰু যোগদান কাৰ্যাসূচীত ৰাজ্যখনৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ কয় যে- মই আজি ভাতৃদ্বিতীয়া দিনা এই সভাত উপস্থিত হব পাই সুখী অনুভৱ কৰিছোঁ আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগৰ ওদালগুৰি জিলা আৰু বৰ্তমান ওদালগুৰি জিলা বহু পৰিবৰ্তন হল। টংলা নগৰত বহু সমস্যা যেনে হস্পিতাল, ড্ৰেন, পেঞ্চনৰ পৰা বঞ্চিত আদি বহু সমাধান কৰিব লগা বাকী আছে। বি টি চিত এতিয়া আৰু মেকুৰীৰ শাসন নচলিব,বিগত দিনত বি পি এফ চৰকাৰে অন্য জাতি জনগোষ্ঠীৰ লোকক দ্বিতীয় শ্ৰেণী মৰ্য্যদা প্ৰদান কৰি আহিছে , যেনেদৰে মাটি বাৰী কিনিব বেচিব নোৱাৰা, মাটিৰ পত্তা লাভ নকৰা, পেঞ্চন,অৰুণোদয় আঁচনিৰ,ঘৰ বনোৱা নামত ভি চি ডি চিয়ে টকা আত্মসাত কৰিছে বুলি কয়। লগতে হিমন্তই ব্যক্ত কৰি ভি চি ডি চি ক মেকুৰীৰ আখ্যাদিকয় যে এইবাৰ বি জে পি চৰকাৰ আহিলে ভি চি ডি চিক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হব আৰু কেতিয়াও ভি চি ডি চি জন্ম হব দিয়া নহব।আনহাতে বি পি এফক কতাক্ষ কৰি কয়যে এতিয়া আৰু নাঙলৰ কাম নাই, নাঙল চাবলৈ মানুহে যাদুঘৰত যাব লাগিব। দুখীয়া লোকৰ টকা খাই হাগ্ৰাম চিফ হব নোৱাৰে। ৬০ বছৰৰ সকলো পুৰুষ মহিলা বিধবা পেঞ্চন, বৃদ্ধ পেঞ্চন ঘোষ নিদিয়াকৈ পাব লাগিব।অনুষ্ঠান খনত তেওঁ কেবাটাও আঁচনি ঘোষণা কৰি কয়যে ২৮ তাৰিখৰ পৰা বি টি চিত অৰুনোদই আঁচনি আৰম্ভ হব।পানেৰী সমষ্টিত এইবাৰ এই আঁচনি ২২ লাখ পৰিয়ালে মাহে ৮৩০ টকাকৈ লাভ কৰিব বুলি ঘোষণা কৰে। আনফালে হিমন্ত বিশ্ব শৰ্মাৰ আগমনকলৈ “কা”ৰ বিৰোধিতাৰে আছু আৰু জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে টংলা চাৰিআলিত হিমন্ত বিশ্ব গ’বেক,, বিজেপি চৰকাৰ হুচিয়াৰ ,, আদি শ্লোগানগানেৰে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। আছু আৰু জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিবাদ সাব্যস্ত কৰা স্থানৰ পৰা আৰক্ষীয়ে ওদালগুৰি আছুৰ বিষয়ববীয়া, টংলা আঞ্চলিক আছুৰ বিষয়ববীয়া আৰু জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ বিষয়ববীয়াৰ লগতে বহুকেইজন কা বিৰোধী প্ৰতিবাদকাৰীক আতক কৰে।

Leave A Reply