Breaking

নাজিৰাত উন্নয়নৰ নতুন বাৰ্তা দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই : ৭টাকৈ পথৰ শুভাৰম্ভ কৰি সমাধিক্ষেত্ৰ উন্নয়নৰ বাবে আগবঢ়ালে ৫০লাখকৈ টকা

0 1,307

গেলেকী : দিনজোৰা কাৰ্যসূচীৰে উজনি অসমৰ নাজিৰাত উন্নয়ণৰ নতুন বাৰ্তা দিলে মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই। ৪ অক্টোবৰৰ আবেলি পৰত মন্ত্ৰীৰ নাজিৰা আগমণ। ঠিক তাৰ পাছতেই নাজিৰাত ৭টাকৈ পথৰ পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি একেদৰে শিমলুগুৰিত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা তথা গড়কাপ্তানী মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই, তেখেত নাজিৰাত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে শিমলুগুৰিস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া উদ্যানৰ প্ৰতিমূৰ্তিত সেৱা জনাই মাল্যৰ্পণ কৰি সমাধিক্ষেত্ৰ উন্নয়ণৰ বাবে বিত্তমন্ত্ৰীয়ে আগবঢ়ালে ৫০ লাখ টকা। য’ত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী যোগেন মহন, প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাচা, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ আৰু বিধায়ক ও বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থাকে। বিজেপি চৰকাৰৰ আমোলত নাজিৰাত বহুকেইটা পথৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। পথকেইটাৰ কাম সোমবাৰৰ পৰা আৰম্ভ হ’ব আৰু নিৰ্বাচনৰ আগত সম্পূৰ্ণ হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই। লগতে মন্ত্ৰীগৰাকীয়ে বেতনবঞ্চিত শিক্ষকসকলৰ সমস্যা অহা নৱেম্বৰ মাহত সমাধান হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে ৷

Leave A Reply