Breaking

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা ব্যৱস্থাক চৰম ভেঙুচালি নগাঁৱৰ শিক্ষানুষ্ঠানৰ । ডিগ্ৰী প্ৰদানৰ নামত কোটি টকাৰ বেহা : শিক্ষাগ্ৰহণ নকৰাকৈয়ে বহুজনে কেৱল টকাৰ জোৰতে অৰ্জন কৰিছে ডিগ্ৰী

0 1,283

নগাঁও : বি ফাৰ্ম ডিগ্ৰী প্ৰদানৰ নামত নগাঁৱৰ এখন শিক্ষা প্রতিষ্ঠানৰ বিৰুদ্ধে ভয়ংকৰ জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে । শিক্ষা প্রতিষ্ঠানখনে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ধনৰ বিনিময়ত চাৰ্টিফিকেট প্ৰদানৰ অভিযোগ জিলা প্ৰশাসনৰ ওচৰত দাখিল কৰিছে এগৰাকী চিকিৎসকে। হাম এক গ্ৰুপ অৱ ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। ২০১৭ চনতে ৰাষ্ট্ৰীয় সংখ্যালঘূ শিক্ষা সঞ্চালকালয়ে বাতিল কৰা সংখ্যালঘূ শিক্ষা বৰ্ডৰ নামত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উৰ্ত্তীণ হোৱাৰ চাৰ্টিফিকেট প্ৰদান কৰি সেইসকল ছাত্ৰকে পুনৰ ডি ফাৰ্মৰ ডিগ্ৰী প্ৰদান কৰে এইখন প্ৰতিষ্ঠানে। আৰ কে ডি এফ আৰু এচ ভি এন নামৰ দুখন বিশ্ববিদ্যালয়ৰ পৰা BPharm, বি ফাৰ্ম, বি এ, বিএচ চি, এম এচ চি, পিএইচ ডি, এমফিল,বি এড আদি ডিগ্ৰী প্ৰদান কৰা এইখন প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰতিটো ডিগ্ৰীৰ বাবদ চাৰি লক্ষাধিক টকা আদায় লয় বুলিও অভিযোগ উঠিছে।অৱশ্যে এই অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ কোনো উত্তৰ নিদিলে শিক্ষা প্ৰতিষ্ঠানখনৰ মুৰব্বী ইমামূল হাছানে।সংবাদ মাধ্যমৰ সন্মুখীন হ’ব নিবিচৰা প্ৰতিষ্ঠানটোৰ মুৰব্বী গৰাকীৰ বিৰুদ্ধে নগাঁও জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে গোলাঘাটৰ চিকিৎসক ডা: কামাল হাছানে । ডা: হাছানৰ মতে শিক্ষা ব্যৱস্থাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা শিক্ষা প্ৰতিষ্ঠান খনে কোনোধৰণৰ পাঠদান অথবা পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে কেৱল বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিভিন্ন আদবয়সীয়া লোকক প্ৰদান কৰি আহিছে ডিগ্ৰী। আনকি এজন ছাত্ৰক মাচুল সংগ্ৰহৰ নামত দুখন বিশ্ববিদ্যালয়ৰ ৰছিদ প্ৰদান কৰাৰো প্ৰমাণ ইতিমধ্যে জিলা প্ৰশাসনক দাখিল কৰিছে চিকিৎসক গৰাকীয়ে । উল্লেখযোগ্য যে প্ৰতিজন ছাত্ৰৰ পৰা ৪লাখকৈ টকা সংগ্ৰহ কৰা এইখন প্ৰতিষ্ঠানে বিগত ৫বছৰত শিক্ষাৰ নামত চলোৱা ব্যৱসায়ৰ বিৰুদ্ধে তদন্ত চলোৱাৰো দাবী তুলিছে। চিকিৎসক গৰাকীৰ মতে বহু আদবয়সীয়া লোকক কোনোধৰণৰ শিক্ষা গ্ৰহণ নকৰাকৈয়ে ৪লাখ টকাৰ বিনিময়ত ডিগ্ৰী প্ৰদান কৰা কাৰ্যই ৰাজ্যখনৰ শিক্ষাবিভাগৰ লগতে স্বাস্থ্যখণ্ডকো চৰম ক্ষতিগ্ৰস্ত কৰিব। সেয়ে উল্লেখিত শিক্ষা প্রতিষ্ঠানখনৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অভিযোগকাৰী চিকিৎসক গৰাকীয়ে আহ্বান জনায় । ইপিনে ইউ ই বি অৰ্থাৎ উৰ্দু এডুকেচন বৰ্ডৰ বৈধতাক লৈ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ সময়তে নগাঁৱৰ এইখন শিক্ষানুষ্ঠানে উৰ্দু শিক্ষা ব’ৰ্ডৰ নামত চাৰ্টিফিকেট প্ৰদান কৰাৰ জৰিয়তে কোটি কোটি টকাৰ ব্যৱসায় কৰা ঘটনাৰ তদন্ত কৰাৰ প্ৰয়োজন যদিও নগাঁও জিলা প্ৰশাসনে ইমানদিনে কিয় কৰা নাই সেয়াও ৰহস্যজনক হৈ পৰিছে । আনহাতে, নাম প্ৰকাশত অনিচ্ছুক প্ৰতিষ্ঠানখনৰ একাংশ ছাত্ৰৰ মতে জিলা প্ৰশাসন তথা নগাঁও জিলা শিক্ষাবিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ এই প্ৰতিষ্ঠানটোৰ লগত আছে গোপন সম্পৰ্ক। পিছে শিক্ষাখণ্ডত দূৰ্নীতি তথা অনিয়ম কঠোৰ হাতেৰে দমন কৰিম বুলি হুংকাৰ দি অহা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত কেতিয়া তদন্ত কৰিব সেয়া আগ্ৰহৰে বাট চাইছে নগাঁৱৰ প্ৰবীণ শিক্ষাবিদ সকলে ।

Leave A Reply