Breaking

শ্বহীদ পৰিয়াললৈ ৫ লাখকৈ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0 2,105

অহা ৩০ দিনৰ ভিতৰত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ কাম প্ৰায় সম্পূৰ্ণ হ’ব। আক্ৰাছুৰ ১৪ গৰাকী শ্বহীদ পৰিয়ালৰ নিকটাত্মীয়লৈ ৫ লাখকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব। এই মন্তব্য প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোকৰাঝাৰ জিলাৰ আক্ৰাছুৰ উদ্যোগত আৰু সেৰফাংগুৰী-ৰামফলবিল আঞ্চলিক আক্ৰাছুৰ সহযোগত বৃহস্পতিবাৰে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা আক্ৰাছুৰ ২০ সংখ্যক শ্বহীদ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত মন্তব্য প্ৰকাশ কৰিছে।

ইয়াৰোপৰি ঐতিহাসিক কমতাপুৰৰ ভূমি এক বিশেষ সম্প্ৰদায়ৰ ওচৰত আৰু বিক্ৰী নকৰিবলৈ আহ্বান জনাই ইতিমধ্যে সেই বিশেষ সম্প্ৰদায়ে চলে-বলে, কৌশলে কমতাপুৰৰ ভূমিতে কোচ ৰাজবংশীক সংখ্যালঘুত পৰিণত কৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা সমাধানৰ প্ৰক্ৰিয়া প্ৰায় অন্তিম পৰ্যায়ত বুলি উল্লেখ কৰি মন্ত্ৰী তেখেতে এইক্ষেত্ৰত সকলো জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা কৰা হৈছে বুলি কয়।

আক্ৰাছুৰ ২০ সংখ্যক শ্বহীদ দিৱস উপলক্ষ্যে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ দি আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে, কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণ অবিহনে আক্ৰাছু কেতিয়াও ক্ষান্ত নহয়। ১৪ গৰাকী শ্বহীদৰ একাংশ নিকটাত্মীয়ক সম্বৰ্ধনা জ্ঞাপন কৰি শ্বহীদৰ আত্মবলিদান অথলে যাবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰি জীৱেশ ৰায়ে আক্ৰাছুৱে নিজ লক্ষ্যৰ পৰা এক ইঞ্চিও বিচলিত নহয় বুলি মন্তব্য কৰে।

সমস্যাৰে ভৰপুৰ জনগোষ্ঠীটোৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই জীৱেশ ৰায়ে অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন আৰু জনজাতিকৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ মঞ্চত উপবিষ্ট থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে। আক্ৰাছুৰ ২০ সংখ্যক শ্বহীদ দিৱস উপলক্ষ্যে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা মুকলি সভাত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে নিজ ভাষণত কয় যে, সমস্যাৰে ভৰপুৰ জনগোষ্ঠীৰ সমস্যা সমাধানাৰ্থে সকলোৱে নিজৰ সংগ্ৰাম আগবঢ়াই নিছে আৰু জনগোষ্ঠীৰ সংগ্ৰামৰ প্ৰতি এবছুৰ সমৰ্থন আছে।

উল্লেখ্য যে, কাৰ্যসূচী অনুসৰি পুৱা সন্থাৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায়, চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে চিলাৰায় সেনাৰ উপ সেনাধ্যক্ষ দ্বীপজ্যোতি ৰায় চৌধুৰী, নৱনিৰ্মিত শ্বহীদবেদী শুভ উদ্বোধন কৰে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে।

Leave A Reply