Breaking

জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মাজত অনুষ্ঠিত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত অনুষ্ঠানত অধ্যক্ষতা কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই…

0 53

উমৈহতীয়া লক্ষ্যৰে আগবাঢ়ি যাবলৈ বিভাগসমূহৰ মাজত সমন্বয় সৃষ্টিৰ বাবে আজি কেবিনেট , স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত , জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ মাজত অনুষ্ঠিত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত অনুষ্ঠানত অধ্যক্ষতা কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

এই বুজাবুজিৰ চুক্তিৰ লক্ষ্য হৈছে সুৰক্ষিত পানী আৰু সুস্বাস্থ্যৰ মাজৰ সম্পৰ্ক সম্বন্ধে সজাগতাৰ সৃষ্টি কৰা; কিয়নো ইয়াৰ দ্বাৰা পানীজনিত ৰোগ, বিশেষকৈ শিশুৰ অসুস্থতা হ্ৰাস কৰি স্কুলত ‘ড্রপ আউট’ৰ সংখ্যা কম কৰিব পৰা যায়। জল জীৱন মিছন(JJM) আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM)-ৰ মূল লক্ষ্য একেটাই, জনগণক সুস্বাস্থ্য প্রদান কৰা ৷

বিভাগ দুটাৰ মাজত হোৱা এই সহযোগিতাৰ অধীনত, ‘ASHA’ কর্মীসকলে তেওঁলোকৰ ছুপাৰভাইজাৰ, PHED আৰু গাঁও পঞ্চায়তৰ বিষয়াসকলৰ সহযোগত মাহেকীয়া বৈঠকৰ জৰিয়তে সুৰক্ষিত পানী ব্যৱহাৰৰ কৌশল, পানীৰ মানদণ্ড, পানীৰ দ্বাৰা হোৱা ৰোগ আদিৰ বিষয়ে অঞ্চলটোৰ চেমনীয়া ছোৱালীসকলৰ লগতে অন্যান্য পুৰুষ সদস্যসকলক অৱগত কৰাব। এই ক্ষেত্রত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নিশ্চিত যে বিশুদ্ধ পানীৰ প্ৰয়োজনীয়তা সম্বন্ধে অৱগত হোৱাৰ পিছত সকলোৱে FHTC-ৰ গুৰুত্ব উপলব্ধি কৰিব আৰু ফলস্বৰূপে চৰকাৰৰ ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ প্রচেষ্টা ফলৱতী হ’ব।

Leave A Reply