Breaking

দিল্লীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটক সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ…

0 11

দিল্লীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটক সাক্ষাৎ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিভিন্ন বিষয়ত বাৰ্তালাপ কৰে। প্রধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদীৰ প্রত্যক্ষ নেতৃত্বত কার্যকৰী হোৱা জল জীৱন মিছনে অসমত অভূতপূর্ব সাফল্য লাভ কৰাৰ ক্ষেত্ৰত শেখাৱটৰ দিহা-পৰামৰ্শই যথেষ্ট অৰিহণা যোগাই আহিছে বুলি কয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। লগতে কয় ইতিমধ্যে আমাৰ ৰাজ্যৰ ৭৫ শতাংশ ঘৰত নলযোগে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লগতে ODF প্লাছ ৰাজ্য হিচাপেও স্বীকৃতি লাভ কৰিছে।

সৌহার্দ্যমূলক আলোচনাত কেন্দ্ৰীয় মন্ত্রীগৰাকীক তেখেতৰ মূল্যবান মার্গদর্শন আৰু অসম তথা উত্তৰ-পূবৰ উত্তৰণৰ দিশত তেখেতৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply