Breaking

আজি পামহিত এটি চৰকাৰী নিচামুক্তি কেন্দ্ৰ উদ্ধোধন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই

0 84

নিচাসক্ত ব্যক্তি সকলো আমাৰ সমাজখনৰ একোটি গুৰুত্বপূৰ্ণ অংগ। তেখেত সকলক নিচা আসক্ত পৰিৱেশৰ পৰা মুক্ত কৰি এটি স্বাভাবিক জীৱন প্ৰদান কৰাটো আমাৰ সকলোৰে প্ৰাথমিক দায়িত্ব। আজি ৰাজ্যিক নিচামুক্ত আৰু নিষেধাজ্ঞা আয়োগ তথা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যােগত কামৰূপ মে’ট্ৰৰ পামহিত নিৰ্মাণ হোৱা এটি “DE-ADDICTION CUM REHABILITATION CENTRE” ৰ শুভ উদ্বোধন কৰে মন্ত্ৰী মন্ত্ৰী পীয়ূষ হাজৰিকাই। এই কেন্দ্ৰটিত প্ৰয়োজনীয় সকলোখিনি সুবিধা পৰ্যাপ্ত ৰূপত উপলব্ধ আছে। কেন্দ্ৰটিয়ে এখন নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত নিশ্চিত ভাৱে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব বুলি কয় মন্ত্ৰীগৰাকীয়ে।


এই অনুষ্ঠানত সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰাজ্যিক নিচামুক্ত আৰু নিষেধাজ্ঞা আয়োগৰ অধ্যক্ষা মৃদূলা বৰকাকতি, উপাধ্যক্ষ জিতু বৰগোঁহাই, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া, যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, অসম আৰক্ষীৰ পশ্চিম গুৱাহাটীৰ ADCP কাকলী বৰুৱা সহিতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply