Breaking

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ১১ সংখ্যক উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা সমিতিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা

0 2,014

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ অধ্যক্ষতাত আজি গুৱাহাটীত অনুস্থিত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ১১ সংখ্যক উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা সমিতিৰ বৈঠকত অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰি অংশ গ্ৰহণ কৰে | উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ কেইবাজনো মন্ত্ৰী তথা উচ্চপদস্থ বিষয়া, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰণালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়াসকল উপস্থিত থকা পৰ্যালোচনা বৈঠকখনত মন্ত্ৰী পীযুষ হাজৰীকাই অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি কয় যে অসম চৰকাৰে অসমৰ বান আৰু খহনীয়াৰ দৰে সমস্যাক অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আৰু এই ক্ষেত্ৰত বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণেৰে এই সমস্যা সমাধানৰ বাবে যথেষ্ট প্ৰয়াস কৰিছে | অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ যৌথ উদ্যোগত এইবাৰ ৰাজ্যখনত প্ৰায় ১০০০ কিল’মিটাৰ দৈঘ্যৰ মথাউৰিৰ ওপৰত ৰাষ্ট্ৰা নিৰ্মাণ কৰাৰ আচনিৰ কথাও মন্ত্ৰী পীযুষ হাজৰীকাই আজিৰ বৈঠকত উল্লেখ কৰে | কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিমধ্যে পাই থকা সহায়ৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বান আৰু খহনীয়াৰ দৰে গুৰুতৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক সাহাৰ্য আগবঢ়াবলৈ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীক আজিৰ বৈঠকতে অনুৰোধ জনায় | আনহাতে বিগত পাঁচ মাহত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ উদ্যোগত বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে হাতত লোৱা বাস্তৱসন্মত কাৰ্যসমূহৰ বিষয়েও মন্ত্ৰী পীযুষ হাজৰীকাই আভাস দিয়ে |

আজিৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়াসকলক অঞ্চলটোৰ ৰাজ্য চৰকাৰসমূহৰ সংশ্লিষ্ট বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ আৰু পৃথিৱীৰ আন দেশবোৰে ব্যৱহাৰ কৰা অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে সচেতন হবলৈ নিৰ্দেশ দিয়ে | আজিৰ পৰ্যালোচনা বৈঠকত মেঘালয়ৰ মন্ত্ৰী শ্ৰী ৰেনিটন এল. তোংখাৰ, মিজোৰামৰ বিধায়ক তথা মানৱ সম্পদ উন্নয়ন সমিতিৰ উপাধ্যক্ষ শ্ৰী এল. থাংমাৱিৱা, জল শক্তি মন্ত্ৰণালয়ৰ সচিব শ্ৰী পংকজ কুমাৰ, অৰুণাচল প্ৰদেশৰ মুখ্য সচিব শ্ৰী নৰেশ কুমাৰ, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী এচ. আব্বাচী, কেন্দ্ৰীয় জল আয়োগৰ অধ্যক্ষ শ্ৰী এচ. কে. হালদাৰকে ধৰি উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য কেইখনৰ কেইবাজনো উচ্চপদস্থ বিষয়া আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়াসকল উপস্থিত আছিল |

Leave A Reply