Breaking

আজিও মুকলি নহ’ল উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা : ম্যিথাচাৰত পৰিনত হল মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ঘোষনা ৷ ধাৰাবাহিক প্ৰতিবাদত উত্তাল মাৰ্ঘেৰিটা

0 47

তিনিচুকীয়া, ১৩ নৱেম্বৰঃ নগাঁও আৰু কাচাৰৰ কাগজ কলৰ পিছতেই এতিয়া মৃত্যুঘণ্টা বাজিছে অসমৰ অন্যতম লাভজনক কয়লা উদ্যোগ উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন দেশত এতিয়া ৰাজহুৱা খণ্ডৰ উদ্যোগত বাজিছে মৃত্যু ঘণ্টা৷ এপদ এপদকৈ দেশৰ লাভজনক উদ্যোগসমূহ ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰি দেখোৱাইছে চৰম ম্যিথাচাৰ ৷ পৰিবৰ্তনৰ শ্লগানৰে অসমত শাসনলৈ অহা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনেও উদ্যোগীকৰনৰ ক্ষেত্ৰত একো এটা কৰা পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ পৰিবৰ্তে বিজেপি চৰকাৰৰ চলিত ৫ বছৰীয়া কাৰ্যকালত বহুকেইটা লাভজনক উদ্যোগত তলা লগা হে দেখিবলৈ পোৱা গল৷ ইয়াৰ এক অন্যতম উদ্যোগ হল তিনিচুকীয়া জিলা স্থিত উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সদিচ্ছাৰ অভাৱত উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাত এতিয়া বাজিছে মৃত্যুঘণ্টা৷ অসমৰ অৰ্থনীতিৰ অন্যতম প্ৰানকেন্দ্ৰ এই কয়লা ভিত্তীক উদ্যোগটো সৱলীকৰনৰ পৰিবৰ্তে বিগত সময়ত চোৰাং কয়লা ব্যৱসায়তে হাত উজান দিয়া পৰিলক্ষিত হল৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সদিচ্ছাৰ অভাৱ আৰু স্থানীয় জনপ্ৰতিনিধি ভাস্কৰ শৰ্মাৰ চূড়ান্ত অকমন্যতাৰ বাবে আজি ১৩৫ বছৰীয়া উদ্যোগটোত বাজিছে মৃত্যু ঘণ্টা৷ মন কৰবলগীয়া যে, যোৱা ছেপ্তেম্বৰ মাহত মাৰ্ঘেৰিটাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে অক্টোবৰ মাহতেই উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ দুৱাৰ মুকলি হব বুলি সদম্ভে ঘোষনা কৰিছিল৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সতে এক আলোচনাত মিলিত হোৱাৰ পিছতেই এইদৰে মাৰ্ঘেৰিটাত এই আশ্বাস প্ৰদান কৰিছিল যদিও বৰ্তমানে সেয়া ফুটুকাৰ ফেনত পৰিনত হৈছে৷ বিভাগীয় এক সূত্ৰই প্ৰকাশ কৰা মতে, উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা মুকলিৰ সন্দৰ্ভত চৰকাৰে এই পৰ্যন্ত যাৱতীয় কোনো কাম কাজ আৰম্ভ কৰা নাই৷ প্ৰথম পৰ্যায়ত টিৰাপ কল ফিল্ড মুকলিৰ কথা আছিল যদিও বন বিভাগৰ তৰফৰ পৰা এতিয়ালৈকে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘৰিটাই কোনো ধৰনৰ অনুমোদন লাভ কৰা নাই৷ গতিকে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মুকলি হোৱাৰ সন্দৰ্ভত এই মূহূৰ্তলৈকে কোনো সম্ভাৱনা নাই৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যদি বিষয়টো গুৰুত্ব দিয়ে তেনেহলে হয়তু উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা মুকলি হোৱাৰ আশা আছে, অন্যথা বৃত্ৰিছৰ যুগৰ ঐতিহাসিক উদ্যোগটো চিৰদিনৰ বাবে যে বন্ধ হৈ যাব সেয়া খাটাং৷ যদি উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ বন্ধ হয় কেনেহলে এয়া হব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতা৷ আনফালে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা মুকলিৰ দাবীত ধাৰাবাহিক আন্দোলনত উত্তাল হৈছে মাৰ্ঘেৰিটা৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি লিডুত ৰূপায়িত কৰা হয় এক প্ৰতিবাদী সমদল কাৰ্যসূচী৷ পৰিষদৰ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে বাতে বেনাৰ, ফেষ্টুন লৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰৰ কাম নাই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, কয়লা উদ্যোগ শীঘ্ৰে মুকলি কৰক, ৰামেশ্বৰ তেলীৰ কাম নাই বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ কয়লা উদ্যোগটো যোৱা ৩ জুনৰ পৰা বন্ধ হৈ পৰাৰ পাছত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইয়াৰ পুনৰ মুকলি কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে। অতিশিঘ্ৰে উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি নকৰিলে যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গণতান্ত্ৰিক আন্দোলন ৰূপায়ন কৰিব বুলিও হুংকাৰ প্ৰদান কৰে৷ উল্লেখ্য যে, দিহিং পাটকাই বনাঞ্চলৰ প্ৰস্তাবিত চালেকি বনাঞ্চলত উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাই কয়লাৰ খনন চলাবলৈ যো যা কৰাৰ সময়তে দল- সংগঠন, প্ৰকৃতিপ্ৰেমী অনুষ্ঠান তথা ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মূখীন হবলগীয়া হৈছিল৷ আবশ্যে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কতৃপক্ষই ঐতিহাসিক উদ্যোগটো জীয়াই ৰাখিবলৈ হলে কয়লা খননৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে মুক্ত খননৰ যুক্তি দৰ্শাইছিল৷ কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰালয়ে ৯৮.৫ হেক্টৰ বনভূমিত কয়লাৰ মুক্ত খননৰ বাবে অনুমতি পৰ্যন্ত প্ৰদান কৰিছিল৷ কিন্তু জৈৱ বৈচিত্ৰ জীৱকুল ধ্বংস কৰি বনাঞ্চলত কোনোপধ্যেই কয়লাৰ মুক্ত খনন কৰিবলৈ দিয়া নহব বুলি দল সংগঠন, ৰাইজে আকোৰগোজ স্থিতি গ্ৰহন কৰাত বিবুধিত পৰিছিল উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কতৃপক্ষ৷ পৰবৰ্তী সময়ত চৰকাৰেও সলনি কৰিছিল সিদ্ধান্ত৷ ৰাজ্য চৰকাৰে দিহিং পাটকাই বনাঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষনা কৰিছিল৷ ইয়াৰ মাজতে, যোৱা ৩ জুনত উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধকে NEC/GM/2020/34-I নং পত্ৰ যোগে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ খনন আৰু যোগান অনিদিষ্ট কাললৈ সাময়িকভাবে স্তগিত কৰাৰ ঘোষনা কৰিছিল৷ ফলত ১৩৫ বছৰীয়া উদ্যোগটোৰ ভবিষ্যত অনিশ্চয়তাৰ দিশলৈ গতি কৰিছিল ৷

Leave A Reply