Breaking

নাজিৰা, শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ সৈতে মন্ত্ৰী যোগেন মোহনৰ আলোচনা : চলিত মাহত সমস্যা সমাধানৰ আশ্বাস

0 1,338

গেলেকী : নাজিৰা, শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ লগতে ৰাজ্যৰ প্ৰায় ১২ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ দীর্ঘ-দীনিয়া সমস্যা সমাধান সন্দৰ্ভত ১০ ছেপ্তেম্বৰৰ দিনা সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ নেতৃত্বই অসম চৰকাৰৰ ভালে কেইটা গুৰুত্বপূৰ্ণ দায়িত্বত থকা মন্ত্রী যোগেন মোহনৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাত মন্ত্রী গৰাকীয়ে চলিত মাহৰ ভিতৰত তেওঁ লোকৰ দীৰ্ঘ-দিনীয়া সমস্যাৰ বিষয়ে চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা কৰি স্থায়ী সমাধানৰ আশ্বাস প্রদান কৰে। মন্ত্রী গৰাকীৰ আশ্বাসত সন্তুষ্ট শিক্ষক সমাজ। যাৰ বাবে অতি সোনকালে বিত্ত মন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাৰ সৈতে আলোচনাত মিলিত হৈ নিৰ্বাচনৰ পূর্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবৰ বাবে সন্থাই দাবী জনাইছে। শিক্ষক সন্থাৰ কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁই, উপদেষ্টা বুদ্ধেশ্বৰ গড়, নৃপেন গগৈ, হিতেশ্বৰ গগৈ, অতুল বৰুৱাকে প্ৰমুখ্যে কৰি কেইবাজনো সদস্য উপস্থিত থকা বুলি সাধাৰণ সম্পাদক বসন্ত নেওগে জানিবলৈ দিয়ে। বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা শিক্ষকসকলৰ এই জ্বলন্ত সমস্যাটো সমাধান কৰাৰ চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। যদিও বৰ্তমানলৈকে সমাধান হোৱা দেখা নাই। যাৰ ফলত ৰাজ্যখনৰ শিক্ষক পৰিয়াল সমূহৰ এক হাহাকাৰ অৱস্থাৰ সন্মুখীন হ’ব লগা হৈছে। বিগত বিধানসভা নির্বাচনৰ পূর্বে বিজেপি দল শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণৰ সোণালী সপোন দেখুৱাইছিল। যদিও বৰ্তমানলৈকে সমাধান কৰাৰ পৰিৱর্তে কেৱল মাত্ৰ আশ্বাস প্রদান কৰি অহা কাৰ্যক সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে তীব্র ভাষাৰে সমালোচনা কৰিছে। চৰকাৰী চাকৰি থকাৰ সু-বাদত চৰকাৰৰ কোনো ধৰণৰ আঁচনিয়ে ঢুকি নোপোৱা শিক্ষক সমাজে কেৱল মাত্ৰ আশ্বাস খাই জীৱাই থাকিব নোৱাৰে বুলি মত পোষণ কৰিছে শিক্ষক সন্থাৰ উপদেষ্টা বুদ্ধেশ্বৰ গড়ে। উল্লেখ্য যে শিৱসাগৰ জিলাৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকৰ সমস্যা সমাধানৰ বাবে বিগত কংগ্রেছ চৰকাৰৰ দিনৰে পৰা যৌথ সংগ্রামী মঞ্চই বাৰম্বাৰ চৰকাৰক দাবী জনাই আহিছে। চলিত ছেপ্তেম্বৰ মাহৰ ভিতৰত সমস্যা সমাধানৰ বাবে ইতিমধ্যে যৌথ সংগ্রামী মঞ্চই শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মা, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ক্ৰমে কুশল দুৱৰী আৰু প্ৰদীপ হাজৰিকাক স্মাৰক পত্র প্রেৰণ কৰিছে। ছেপ্তেম্বৰ মাহৰ ভিতৰত সমস্যা সমাধান নহলে যৌথ সংগ্রামী মঞ্চই অক্টোবৰ মাহৰ পৰা ধাৰাবাহিক ভাৱে গণতান্ত্রিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিছে। ৰাজ্যৰ শিক্ষামন্ত্রী তথা শিক্ষা বিভাগৰ মুৰব্বী বিষয়াই দীর্ঘ-দীনিয়া সমস্যাটো কেতিয়া আৰু কেনে ধৰণে সমাধান কৰিব এই প্ৰশ্নৰ যথাযথ উত্তৰ দিব পৰা নাই। তাৰ বিপৰীতে বেতন বঞ্চিত কেইগৰাকীমান শিক্ষকে ভিন্ন সময়ত চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত সতীর্থ শিক্ষক সকলৰ মাজত বিভ্ৰান্তি আৰু অপ-প্ৰচাৰ চলাই অহা কাৰ্যক সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই একেমুখে ধিক্কাৰ জনাইছে। বহু আশাৰে দীৰ্ঘদিন ধৰি বাট চাই থকা সতীর্থ শিক্ষক সকলক বিভ্রান্ত নকৰি চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত উপযুক্ত তথ্য আছে যদি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাকৈ প্ৰকাশ কৰিবৰ বাবে সন্থাই আহ্বান জনাইছে। ৰাজ্যখনৰ প্ৰায় ১২ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ আশা বুকুত বান্ধি আছে। যদিও অতি কম সংখ্যক শিক্ষকৰহে সমস্যা সমাধান হোৱাৰ আশংকা আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই সন্দৰ্ভত বিত্তমন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাই কেইবাবাৰো উল্লেখ কৰিছে। চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত এক বিশেষ আলোচনা কৰিবৰ বাবে অহা ইংৰাজী ১০ তাৰিখে পুৱা ১০ বজাত শিৱসাগৰ প্ৰাথমিক শিক্ষক ভৱনত এখন জৰুৰী সাধাৰণ সভা অনুষ্ঠিত হ’ব। উক্ত সভাত বেতন বঞ্চিত শিক্ষকসকলক উপস্থিত থাকিবৰ বাবে সন্থাই আহ্বান জনাইছে।

Leave A Reply