Breaking

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভোগডহৰ চৰাঞ্চলৰ পৰা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

0 2,029

ধুবুৰীৰ ভাৰত – বাংলাদেশ সীমান্তৰ ভোগডহৰ চৰাঞ্চলৰ পৰা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ ।আটকাধীন ডকাইত জনৰ পৰা ৪ টা ছোলাৰ পেলেট সহ ২ টা বেটাৰী উদ্ধাৰ । ধুবুৰীৰ এ এম কো ৰোড আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন সুত্ৰে চলাইছিল এই সকল দূৰ্ধষ  ডকাইতৰ বিৰুদ্ধে অভিযান , এই ডকাইত জনে এক  চোকা অস্ত্ৰৰে  ভাবুকি প্ৰদান কৰে কৃষ্ণক ৰাইজক ।স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ধুবুৰীৰ ভোগডহৰ চৰাঞ্চলত চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰিছিল এই সমুহ ছোলাৰ , ধুবুৰীৰ ভাৰত – বাংলা সীমান্তত থকা চৰাঞ্চলৰ বিভিন্ন স্কুল শিক্ষাপ্ৰতিষ্ঠানৰ লগতে  কৃষক ৰাইজৰ  খেতিপথাৰত পানী যোগানৰ বাবে চৰকাৰে দিছিল এই সমুহ ছোলাৰ । আৰক্ষীয়ে উল্লেখ কৰা মতে  এখন ছোলাৰৰ মুল্য আছিল প্ৰায় ৪৯ হাজাৰ টকা ,ইয়াৰ পাছত ডকাইত জন ভোগডহৰৰ কাঈম ভাষানী নজৰ আলী খানৰ পুত্ৰ ৰফিকুল খান বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে । ঘটনাস্থলীৰ পৰা আন দুগৰাকী ডকাইতৰ পলায়ন , ছোলাৰ পেলেট আৰু বেটাৰী সমূহ বাংলাদেশত চালান দিয়াৰ বাবে ডকাইতি কৰি আনি নিজৰ ঘৰত  ৰাখিছিল এই সমুহ সামগ্ৰী । বৰ্তমান এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply