Breaking

গোগামুখত মিচিং আৰ্টিষ্ট এছ’চিয়েছনৰ সংবাদ মেলঃ ৫ অক্টোবৰৰ পৰা ভইচ অৱ মিচিঙৰ মহাৰণ

0 2,317

অসমৰ দিত্বীয় সৰ্ববৃহৎ জনজাতি মিচিং সকলৰ অন্যতম আগশাৰীৰ সাংস্কৃতিক সংগঠন মিচিং আৰ্টিষ্ট এছ’চিয়েছনৰ উদ্যোগত ৫ অক্টোবৰৰ পৰা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ভইচ অৱ মিচিং নামেৰে মিচিং গীতৰ মহাৰণ ৷ আজি গোগামুখ টুৰিষ্ট ল’জত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত এই কথা সদৰী কৰে মিচিং আৰ্টিষ্ট এছ’চিয়েছনৰ সভাপতি সঞ্জু বাবা দলে আৰু সম্পাদক ফিৰোজ পেগুৱে ৷ তেওঁলোকে কয় যে- মিচিং গীতক ডিজিটেল প্লেটফৰ্মত সক্ৰিয় কৰা আৰু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷ তদুপৰি গাঁৱ-ভূঞে লুকাই থকা নবপ্ৰজন্মৰ মিচিং গায়ক-গায়িকা সকলক এখন সুন্দৰ তথা উপযুক্ত মঞ্চৰ সুবিধা প্ৰদান কৰাটো ভইচ অৱ মিচিঙৰ আন এক অন্যতম লক্ষ্য বুলি সংবাদ মেলত তেওঁলোকে মন্তব্য আগবঢ়ায় ৷ এছ’চিয়েছন তৰফৰ পৰা সাংবাদিকক জনোৱা মতে ভইচ অৱ মিচিঙৰ প্ৰতিযোগিতা সমূহ প্ৰথমে জিলা ভিত্তিত অনুষ্ঠিত হ’ব আৰু জিলা ভিত্তিত বিজয়ী হৈ অহা সকলে মূল পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰতিদন্দিতা কৰিব ৷ উক্ত সংবাদমেলত উপস্থিত থাকে শিল্পী ৰঞ্জিত চন্দী, বায়’ বিনোদ পেগু আৰু এছ’চিয়েছনৰ বিষয়-ববীয়া সকলে ৷ উল্লেখনীয় যে উক্ত সংগীত মহাৰণত বিজয়ী প্ৰথমগৰাকীয়ে লাভ কৰিব এখন স্কুটি, নগদ ধন, প্ৰথম ৰাণাৰ্‌চ আপে লাভ কৰিব নগদ ৫০ হাজাৰ টকাৰ লগতে আকৰ্ষণীয়
পুৰস্কাৰ আৰু দিত্বীয় ৰাণাৰ্‌চ আপে লাভ কৰিব ২৫ হাজাৰ টকাৰ লগতে অন্যান্য আকৰ্ষণীী পুৰস্কাৰ ৷ এছ’চিয়েছনৰ ফালৰ পৰা উক্ডা° সংগীত মহাৰণা বাবে সকলো সাংস্কৃতিপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

Leave A Reply