Breaking

টুপামাৰীত নিজ গৃহৰ পৰা নিৰুদ্দেশ ছাত্ৰ

0 1,547

কামৰূপৰ বকো সমষ্টিৰ  টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুপামাৰীৰ নতুন বদলা গাওঁৰ স্বাজাহান আলীৰ ১৪ বছৰীয়া পুত্ৰ মোস্তাফিজুৰ ৰহমান ওৰফে ছানিদুল যোৱা ২২/০৬/২০২১ ইং তাৰিখে নিজ গৃহৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ উপৰিও বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও বৰ্তমানলৈকে লৰা জনৰ কোনো অনুসন্ধান পোৱা নাই। নিৰুদ্দিষ্ট লৰা জন জাহেৰপুৰ দাৰুল উলুম হাফিজীয়া মাদ্ৰাছাৰ ছাত্ৰ। লৰা জন নিৰুদ্দেশ হোৱা খৱৰে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। উপায়বিহীন হৈ আজি পৰিয়ালৰ লোকে টুপামাৰী আৰক্ষী চকীত বিষয়টো লিখিতভাৱে অৱগত কৰে। লৰা জনৰ কিবা সম্ভেদ পালে স্থানীয় আৰক্ষী নতুবা ৮৬৩৮৩৩৭৬০৯ এই মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

Leave A Reply