Breaking

“মিচন বসুন্ধৰা”আঁচনিক আদৰণি সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ

0 2,358

অসম চৰকাৰৰ “ৰাজহ আৰু দূৰ্য্যোগ ব্যৱস্হাপনা বিভাগ, অসম ” ৰ দ্বাৰা জনকল্যাণৰ বাবে “গান্ধী জয়ন্তী”  দিনা আৰম্ভ কৰা ” মিচন বসুন্ধৰা” আচঁনি খনক সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ নৱনিৰ্বাচিত সভাপতি  লোকনাথ সন্ধিকৈ আৰু সাধাৰণ সম্পাদক  ভৱানন্দ বৰাই আদৰণি জনাইছে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় মণ্ডলেই মংগল ” মন্ত্ৰৰে অসম চৰকাৰে আৰম্ভ কৰা এই “বসুন্ধৰা ” আঁচনি খনৰ জৰিয়তে জনসাধাৰণে ৯ টাকৈ ভুমি ৰাজহ  সম্পকীয় গুৰুত্বপূৰ্ণ  সেৱা লাভ কৰিব ৷এই সেৱা সমূহৰ ভিতৰত আছে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি,বিবাদ মুক্ত বাটোৱাৰা,একচনীয়া পট্টাৰ ম্যাদী কৰণ,মাটিৰ শ্ৰেণী পৰিৱৰ্তন,ৰাজহ নথিৰ পৰা দখল/স্বত্ব বিহিন পট্টাদাৰৰ নাম কৰ্তন, আৱন্টিত মাটি ম্যাদীকৰণ, ভূমি নথি সংশোধন (নাম আৰু মাটিৰ কালি সংশোধন )আৰু ভূমি নথিত পট্টাদাৰৰ    ম’বাইল নং অন্তভূক্ত কৰণ।এই সেৱা সমূহ  জনসাধাৰণে কাৰ্যালয়ত উপস্থিত নোহোৱাকৈ On line ৰ জৰিয়তে লাভ কৰিব ৷ এই সেৱা গ্ৰহণ কৰিব বাবে Online ত প্ৰ-পত্ৰ পূৰণ কৰোতে সকলো তথ্য সংলগ্ন কৰিবলৈ  জনসাধাৰণক অনুৰোধ জনাই ৷যিহেতু এই সেৱা Online ব্যৱস্থাৰে হ’ব গতিকে ইন্টানেটৰ নেট সংযোগ ব্যৱস্থা উন্নত কৰিবলৈ আৰু প্ৰত্যেক জন লাট মণ্ডল- কাননগোকে একোটা কৈ উন্নত প্ৰয়ুক্তিৰ কম্পিউটা উপলব্ধ কৰিবলৈ চৰকাৰক  দাবী জনাই  ৷ জনসাধাৰণৰ ব্যাপক সংখ্যক আবেদন গোচৰ নিস্পতি কৰিব বাবে লাট মণ্ডল সকলে যিহেতু সদায় নিজৰ নিজৰ দায়িত্বত থকা এলেকালৈ যাব লাগিব ,সেয়েহে  মণ্ডল- কাননগো সকলক যাতায়তৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক সন্মিলনীৰ তৰফৰ পৰা দাবী জনাই কয় মণ্ডল- কাননগো সকলে যিহেতু ” অসম ভূমিলখ্য নিয়মাৱলী-১৮৮৬”  নামৰ আইনৰ আধাৰত প্ৰতিটো গোচৰ নিস্পতি কৰিব,গতিকে সকলো ৰাইজ তথা মাটিৰ পট্টাদাৰকে বিভাগৰ লগত  সহযোগ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। সকলো মণ্ডল- কাননগোক সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আৰু আইনৰ আউতাত নপৰা বিষয়বোৰ  সহজ সৰল ভাষাত নম্ৰভাৱে ৰাইজক  বুজাই দিবলৈ আহ্বান জনাই  এই জনকল্যাণৰমূলক আঁচনি খনৰ ৰূপায়ণ ক্ষেত্ৰত যাতে জনসাধাৰণ আৰু বিভাগৰ মাজত কোনো ভূল বুজাবুজি নোহোৱাকৈ সুচাৰুৰূপে পৰিচালিত হয় তাৰ বাবে সকলো পক্ষকে সজাগ আৰু সচেতন  হৈ থাকিবলৈ আহ্বান জনাই ৷যদি কোনো অভব্য ব্যক্তিৰ বাবে এই জনহিতৰ আঁচনি ৰূপায়ণ সময়ত কৰ্মবিৰতিকে আদি কৰি আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব  লগিয়া পৰিবেশ আৰু পৰিস্থিতি সৃষ্টি হয় তেনে ক্ষেত্ৰত  সদৌ অসম মণ্ডল কাননগো সন্মিলনী কোনো কাৰণতে দায়ী নহব বুলি স্পষ্ট কৰি দিয়ে। যোৱা কালি লাহৰীঘাট ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদতো বসুন্ধৰা আঁচনিৰ বিষয়ে চক্র বিষয়া স্বৰাজ ভাৰত লাগাচু দেৱে ৰাইজক অৱগত কৰি দিয়ে। 

Leave A Reply