Breaking

শৰীৰ সুস্থ কৰি ৰাখিবলৈ গাখীৰৰ লগত এইসমূহ বস্তু মিহলাই খাওক; শৰীৰ ছলমান খানৰ দৰে ফিট হ’ব

0 134

সঠিক ওজনত থকাটো গুৰুত্বপূৰ্ণ। গাখীৰ খোৱাটো ওজন বৃদ্ধিৰ বাবে আটাইতকৈ উপকাৰী। গাখীৰত কিছু বস্তু মিহলাই খালে ওজন দ্ৰুতগতিত বৃদ্ধি পায়।ক্ষীণ শৰীৰটোক নিৰ্জীৱ আৰু দুৰ্বল যেন লাগে। এনে শৰীৰ কেৱল দুৰ্বল হোৱাই নহয়, কেতিয়াবা কৌতুকৰ টাৰ্গেট হৈ পৰে। সুস্থ আৰু ফিট হৈ থাকিবলৈ সঠিক ওজন থকাটো প্ৰয়োজনীয়। যদি আপুনি ওজন বৃদ্ধি কৰিব বিচাৰে তেন্তে গাখীৰ খোৱাটো অতি উপকাৰী। যদিহে গাখীৰ খোৱাৰ সঠিক পদ্ধতি জানিব লাগে। গাখীৰত কিছুমান বিশেষ বস্তু মিহলাই সেৱন কৰিলে ওজন দ্ৰুতগতিত বৃদ্ধি পায়। ওজন বৃদ্ধিৰ বাবে গাখীৰ কেনেকৈ খাব লাগে জানো আহক।

গাখীৰ আৰু কল

গাখীৰৰ লগত কল মিহলাই খালে খুবেই উপকাৰ পোৱা যায়। এইদৰে গাখীৰ খোৱাৰ ফলত ওজন দ্ৰুতগতিত বৃদ্ধি পায়। কলত যথেষ্ট পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে। ওজন বৃদ্ধিৰ বাবে কলৰ শ্বেক বনাই পান কৰিব পাৰি।

খেজুৰৰ গাখীৰ

খেজুৰৰ লগত মিহলি গাখীৰ সেৱন কৰিলে শৰীৰৰ স্বাস্থ্য হয়। ইয়াৰ বাবে ওজন দ্ৰুতগতিত বাঢ়িবলৈ আৰম্ভ কৰে। খেজুৰত কেলচিয়াম, ভিটামিন চি আৰু আন বহুতো পুষ্টিকৰ উপাদান থাকে

কিচমিচৰ সৈতে গাখীৰ

যদি আপুনি ওজন বৃদ্ধি কৰিব বিচাৰে তেন্তে গাখীৰৰ সৈতে মিহলি কিচমিচ খালে অতি উপকাৰী। তিয়াই থোৱা কিচমিচে ওজন বৃদ্ধিত সহায় কৰে। যদি আপুনি দৈনিক কিচমিচ মিহলি গাখীৰ খায়, তেন্তে কেইদিনমানৰ ভিতৰতে পাৰ্থক্য দেখা যাব।

আলমণ্ড আৰু গাখীৰ

আলমণ্ড হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল। আলমণ্ডৰ লগত গাখীৰ খালে ওজন বৃদ্ধি পায়। আলমণ্ডৰ গাখীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এইদৰে গাখীৰ খালে ওজনৰ লগতে স্মৃতিশক্তিও বৃদ্ধি পায়। স্বাস্থ্যৰ বাবেও আলমণ্ড উপকাৰী।

ডুমুৰৰ সৈতে

ডুমুৰত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম আৰু ভিটামিন ডুমুৰত থাকে। গাখীৰৰ লগত ডুমুৰ খোৱাৰ ফলত ওজন বৃদ্ধি পায়। এইদৰে গাখীৰ খোৱাৰ ফলত বহু ৰোগৰ আশংকা দূৰ হয়।

Leave A Reply