Breaking

মিঞা পৰিষদৰ উপ-সভাপতি আব্দুল বাতেন শ্বেখক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিয়ালৰ লোকৰ।

0 58

মিঞা পৰিষদৰ উপ–সভাপতি আব্দুল বাতেন শ্বেখৰ গ্ৰেপ্তাৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পালে মিঞা পৰিষদে, কি ক’লে পৰিয়ালে?

মিঞা পৰিষদৰ নেতাৰ স্পষ্ট মন্তব্য, ‘অসমৰ মুখ্যমন্ত্ৰী যথেষ্ট শিক্ষিত মানুহ, আৰু আমাৰ তেওঁৰ ওপৰত আস্থা আছে, আমি ন্যায় বিচাৰো।’

মিঞা পৰিষদৰ উপ-সভাপতি আব্দুল বাতেন শ্বেখক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিয়ালৰ লোকৰ। ধুবুৰী লোকসভা সমষ্টিৰ পৰা ২০২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰা আব্দুল বাতেন শ্বেখ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ সন্দেহ কৰিছে বাতেনৰ জ্যেষ্ঠ ভাতৃ আব্দুল কাদেৰ আনচাৰীয়ে।

ইফালে, আব্দুল বাতেন শ্বেখক গ্ৰেপ্তাৰ সন্দৰ্ভত মিঞা পৰিষদৰ আব্দুল মতলেব চৌধুৰীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। আব্দুল বাতেনক গ্ৰেপ্তাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য। তেওঁ কয়, ‘‘মিঞা মিউজিয়াম স্থাপন কৰিছিল গোৱালপাৰাৰ লক্ষীপুৰত, যদি তেওঁলোকে কিবা অন্যায় কৰিছে গোচৰ হ’ব লাগিছিল গোৱালপাৰা জিলাত। কিন্তু আব্দুল বাতেনক গ্ৰেপ্তাৰৰ পিছত লৈ যোৱা হ’ল নলবাৰীলৈ। আৰু গোচৰ লোৱা হ’ল ১৬২/২২ নম্বৰত ঘগ্ৰাপাৰ আৰক্ষী থানাত।’’

মিঞা পৰিষদৰ নেতাৰ স্পষ্ট মন্তব্য, ‘অসমৰ মুখ্যমন্ত্ৰী যথেষ্ট শিক্ষিত মানুহ, আৰু আমাৰ তেওঁৰ ওপৰত আস্থা আছে, আমি ন্যায় বিচাৰো।’

Leave A Reply