Breaking

বিলাসীপাৰাৰ ছুৱাপাতা গাঁৱত আজি একে দিনাই দুটা কামৰ আধাৰশিলা শুভ উদ্বোধন বিধায়ক অশোক কুমাৰ সিংহীৰ

0 2,399

বিলাসীপাৰা, ২৭ ডিচেম্বৰঃ নামনি অসমৰ ধুবুৰী জিলাৰ ২৭ নং বিলাসীপাৰা পূৱ বিধান সভা সমষ্টি খনত বিগত ৭৪ বছৰৰ তুলনা মুলক ভাৱে সমষ্টি খনত যোৱা ৫ বছৰতে যথেষ্ঠ পৰিমাণে উন্নয়ন মুলক কাম কৰি আহিছে,   কৰ্মপটু বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে। মনকৰিবলগীয়া কথা যে বিধায়ক সিংহীৰ গধুৰ তত্বাৱধানত আজিৰ দিনত বিলাসীপাৰা পূৱ সমষ্টি সমষ্টি  খনৰ ২০১৯-২০২০ বৰ্ষৰ চতুৰ্দশ বিৰ্ত্তীয আয়োগৰ ৩,২৪,৮২১ লাখ টকাৰ বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়তৰ বাস গৃহৰ পকীকৰণ  কাম লগতে আৰু দৈখোৱা বজাৰৰ পৰা তিনি আলি আব্দুছ ছামাদ বাস গৃহলৈ ১২,৫৫,০৯৪ লাখ টকাৰ কামৰ আধাৰশিলা  শুভ উদ্বোধন কৰে, কৰ্মপটু  বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে।উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে, চিৰাকুটা টিলাপাৰা জিলা পৰিষদৰ সদস্যা জানে আলম, বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়তৰ সভানেত্রী নাজিমা  খাতুন, আঞ্চলিক পঞ্চায়তৰ সদস্যা, হাবেল উদ্দিন, উক্ত  উন্নয়ন কাৰ্য্যৰ চেয়াৰমেন মছলেম উদ্দিন, মোজ্জামেল হক, বাহিৰ ছুৱাপাতা গাওঁৰ পঞ্চায়তৰ সম্পাদক আবুল কালাম আজাদ  আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে, যদিও অনুষ্ঠানটোত বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়ত বাসী ৰাইজে ২০২১ চনত বিধান সভা নিৰ্বাচনত  বিধায়ক গৰাকীক আকোঁৱালি লব বুলি এক উমান পোৱা  গৈছে। ইয়াৰ উপৰিও অনুষ্ঠানটোত নামনি অসমৰ অন্যতম গায়িকা, কোকিলা সৰকাৰে গীত পৰিবেশন কৰি ৰাইজক মনোমূগ্ধ কৰি তোলে।

Leave A Reply