Breaking

নলবাৰীত নৱৰত্ন ক্ৰিকেট একাডেমীৰ শুভাৰম্ভনি কৰিলে বিধায়ক অশোক শৰ্মাই

0 1,246

নলবাৰী, ২০ ডিচেম্বৰ : নলবাৰী জিলাক ক্ৰীড়াৰ দিশত আগবঢ়াই নিবলৈ চৰকাৰ-প্ৰশাসনৰ লগতে সামাজিক ভাৱে ও বহুত সচেতন লোকে পদক্ষেপ লোৱাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি নলবাৰী জিলাৰ দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নৱৰত্ন ক্ৰিকেট একাডেমী নামৰ এটি কোচ্চিং চেন্টাৰ মুকলি কৰা হয় । অঞ্চলটোৰ স্হানীয় কেইগৰাকী মান যুৱকৰ প্ৰচেষ্টাত স্থাপিত হোৱা এই নৱৰত্ন ক্ৰিকেট একাডেমীৰ আজি শুভ উদ্বোধনী কৰে স্থানীয় বিধায়ক অশোক শৰ্মাই । ভাষণ প্ৰসংগত বিধায়ক অশোক শৰ্মাই মন্তব্য প্ৰকাশ কৰে যে, স্থানীয় উদ্যমী যুৱক কেইজনৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই একাডেমী এখৰ বাবে খেলৰ দিশত নৱ প্ৰজন্মই আগবাঢ়ি যাব পাৰিব । আনহাতে এই একাডেমীৰ এখনৰ শুভাৰম্ভনি কৰি বিধায়ক অশোক শৰ্মাই ও বেট ধৰি খেল উপভোগ কৰা দেখা গল ।

Leave A Reply