Breaking

৮০ সংখ্যক শিলগোসানী থানৰ সভা মহোৎসৱ সম্পৰ্কে সভা মহোৎসৱত উপস্থিত থাকিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী

0 79

নলবাৰী জিলাৰ বানেকুছি ৰাজহ চক্ৰ অন্তৰ্গত ঐতিহাসিক খুখুন্দি স্হিত শিলগোসানী থানৰ সভা মহোৎসৱ আযোজন প্ৰস্ত্ততি সম্পৰ্কে এখন সভা অনুষ্ঠিত হয়।উক্ত সভাত মহোৎসৱত থিয়েটাৰ সূৰ্য্যৰ কালিন টিকত শুভ উদ্বোধনৰ লগতে দোকান সমূ্হৰ সঠিক স্হানৰ ওপৰত আলোচনা কৰা হয়। উল্লেখ্য যে এইবাৰ শিলগোসানী থান সভা মহোৎসৱে ৮০ সংখ্যক সভা মহোৎসৱ পালন কৰিব ।

বিগত কভিড মহামাৰীৰ বাবে দুবছৰে সভা মহোৎসৱ বিৰত আছিলে কিন্ত্ত এইবাৰ সম্পূৰ্ণ মুক্ত ভাৱে পালন কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে থান পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ পাঠকে ইয়াৰ লগতে উক্ত সভা মহোৎসৱ প্ৰথম দিনা পতাকা উত্তোলন কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে। এইবাৰৰ সভা মহোৎসৱ ৫ দিনীয়া কাৰ্যসুচীৰে পালন কৰিব বুলি থান পৰিচালনা সমিতিয়ে জনাইছে।

Leave A Reply