Breaking

নাজিৰাত, ক’ভিড-১৯ টেষ্ট কিট ক্ৰয়ৰ ক্ষেত্ৰত বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

0 1,264

গেলেকী :  নাজিৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। ক’ভিড-১৯ টেষ্ট কিট ক্ৰয়ৰ ক্ষেত্ৰত অধিক মূল্য পৰিশোধ কৰিছে অসম চৰকাৰে। দেৱব্ৰত শইকীয়া ক’ভিড-১৯ পৰীক্ষাৰ বাবে অসম চৰকাৰে ক্ৰয় কৰা টেষ্ট কিট সমূহৰ মূল্যক লৈ কেতবোৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ তেওঁৰ উত্থাপিত অভিযোগ অনুসৰি ক’ভিড-১৯ ৰ বাবে ভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ সময়ত হৈছে খেলিমেলিৰ৷ লগতে তেওঁলৈ অহা এটা মেইলযোগে তেওঁৰ অৱগত কৰোৱা হৈছিল যে অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অসমৰ স্বাস্থ্য বিভাগৰ বাবে টেষ্ট কিট ক্ৰয় কৰাৰ বাবদ পৰিশোধ কৰিছে উচ্চ হাৰ৷ তেওঁক প্ৰদান কৰা সেই অভিযোগত উল্লেখ আছিল যে ৪৯০ টকা দৰত উত্তৰ প্ৰদেশত টেষ্ট কিট কিনাৰ পৰিৱৰ্তে অসমত প্ৰায় ৬৫৫ টকাৰ ব্যৱধানেৰে প্ৰায় ১১ শ টকাতকৈয়ো অধিক মূল্যত ক্ৰয় কৰিছিল অনুৰূপ মানসম্পন্ন টেষ্ট কিট৷ এই অভিযোগ তেওঁ জুন মাহত পোৱাৰ পাছতে জুলাইৰ মাহত আনুমানিক ২০/২১ তাৰিখে তেওঁ অভিযোগ আৰু তেওঁৰ হাতত থকা তথ্যখিনি তদন্তৰ বাবে অসমৰ উপ-লোকায়ুক্তক তেওঁ প্ৰদান কৰিছিল৷ সকলো কাম স্বচ্ছতাৰে হৈছে নে নাই সেই জনাৰ লগতে, যদিহে তাত কিবা ক্ৰুটি আছে সেই ক্ৰুটি সমূহ দূৰ কৰাৰ বাবে বিহীত ব্যৱস্থা ল’ব পাৰে। সেই উদ্দেশ্য তেওঁ উপ-লোকায়ুক্তক অৰ্পণ কৰে সকলো তথ্য৷ লগতে বৰ্তমান পৃথকীকৰণ কেন্দ্ৰত ৰখা তথা নিজ গৃহত পৃথকীকৰণ হৈ থকা ব্যক্তিসকলে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে কৰা ভিন্ন অভিযোগ সন্দৰ্ভত তেওঁ ছ’চিয়েল মিডিয়া ফেচবুকত এক ভিডিঅ’যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷

Leave A Reply