Breaking

বিধায়ক পদ্ম হাজৰিকাক “কৰ্মযোগী” উপাধি প্ৰদান ৷ “ৰক্তদাতা” স্বেচ্ছাসেৱী সংগঠণে প্ৰদান কৰিলে এই সন্মান ৷

0 70

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাট 

ক’ৰোনাৰ ভয়াবহ সংকটৰ সময়ত সমষ্টিত তাৎক্ষণিকভাৱে লোৱা ভুমিকা আৰু কন্যকা বহুমুখী কৃষি পামৰ জৰিয়তে কৃষি আৰু অৰ্থনৈতিক বিপ্লৱৰ সুচনা কৰিবলৈ অহৰহ প্ৰচেষ্টা হাতত লোৱা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক  “কৰ্মযোগী” উপাধিৰে বিভূষিত কৰিলে “ৰক্তদাতা” নামৰ স্বেচ্ছাসেৱী সংগঠণে৷জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত  “ৰক্তদাতা”ৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলে বিধায়কগৰাকীক এই সন্মানৰে বিভূষিত কৰে৷কন্যকাৰ জৰিয়তে বিধায়কগৰাকীয়ে সমষ্টিৰ  নিবনুৱা যুৱক যুৱতীসকলক কৃষি কাৰ্য্যৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হোৱাৰ লগতে যুৱক যুৱতীসকলো অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়িছে৷ইয়াৰোপৰি নিবনুৱা যুৱক যুৱতীসকলক সু-সংগঠিত ৰূপত একত্ৰিত কৰি কন্যকাৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে বিধায়কগৰাকীয়ে৷অন্যহাতে কৰ’নাৰ ভয়াবহতাৰ সময়ত সমষ্টিটোত বহি:ৰাজ্যপৰা উভতি অহা যুৱক যুৱতীসকলক পৰিয়ালৰ সদস্যৰ দৰেই ৰাখিবৰ বাবে প্ৰচেষ্টা হাতত লোৱা দেখা পোৱা গৈছে বিধায়কগৰাকীক৷থলুৱা যুৱক যুৱতীসকলে পথাৰ আৰু বজাৰ দখল কৰাৰ দিশত বিশেষভাৱে উদ্যোগ লোৱা তথা বিধায়কগৰাকীয়ে সকলো দিশতে দেখুওৱা কৰ্মস্পৃহাৰ বাবেই এইদৰে “কৰ্মযোগী” উপাধীৰে বিভূষিত কৰা হ’ল বুলি জানিব দিয়ে ৰক্তদাতাৰ ভাৰপ্ৰাপ্ত সভাপতি কৌস্তুভ বৰা আৰু সাধাৰণ সম্পাদক পৱন কুমাৰ নাথে৷জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰা এই “কৰ্মযোগী” উপাধি সম্বলিত মানপত্ৰৰ লগতে গামোছা,শৰাই,,মাস্ক আৰু চেনিটাইজৰো প্ৰদান কৰে ৰক্তদাতা স্বেচ্ছাসেৱী সংগঠণটিয়ে৷স্বেচ্ছাসেৱী সংগঠণটোৱে আগবঢ়োৱা এই সন্মান গ্ৰহণ কৰি বিধায়ক হাজৰিকাই কয় যে ৰাইজৰ আশীৰ্বাদ,ৰাইজৰ স্বীকৃতিয়ে নিশ্চয়কৈ ভৱিষ্যতৰ দিনত কাম কৰি যোৱাত সাহস,প্ৰেৰণা আৰু মনোবল বৃদ্ধি কৰিব৷ৰক্তদাতাৰ এই সন্মান লাভ কৰি মোৰ মনোবল বৃদ্ধি পাইছে কিয়নো ৰক্তদাতাই কৰা সামাজিক কামকাজসমুহৰ সৈতে মোৰ কামকাজৰো যথেষ্ট মিল দেখা পাইছো৷এইসময়ত আমি কৰ্মৰ জৰিয়তে বিপ্লৱৰ সুচনা কৰিব লাগিব৷মহামাৰী কৰ’নাক প্ৰতিহত কৰিবই লাগিব৷সেই যুঁজখনত ৰক্তদাতাৰ যি কৰ্মৰাজী সেয়া প্ৰশংসনীয় বুলিও কয় বিধায়ক পদ্ম হাজৰিকাই৷উল্লেখ্য যে ৰক্তদাতাই বিগত সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত তেজৰ সমস্যাত পৰা ৰোগীক তেজৰ যোগান ধৰি সহায় কৰি অহাৰ লগতে কৰ’না মহামাৰীৰ সংকটৰ সময়খিনতো শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তত ৰাইজ তথা জৰুৰীকালিন সেৱাৰ লগত জড়িত লোকসকলক মাস্ক-চেনিটাইজাৰ বিতৰণ,ৰাইজক সজাগ সচেতন কৰিবৰ বাবে চৰকাৰী নীতি নিয়ম সম্বলিত দেৱাল পোষ্টাৰিংৰ লগতে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে জনসমাগম স্থান,অফিচ কাছাৰীত ঔষধযুক্ত পানীৰে চেনিটাইজ কৰি আহিছে৷আজিও সংগঠণটিয়ে জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলৰ দোকান পোহাৰ,বেংক,চিকিৎসালয় আদিত চেনিটাইজ ৷

Leave A Reply