নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সো়মবাৰে সমষ্টিটোৰ পৌৰসভা এলেকাৰ ১৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে।পথ সমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক শৰ্মাই কয় যে নগাঁও সদৰ সমষ্টিৰ সৰ্বাঙ্গীন বিকাশৰ ধাৰাক অনন্য মাত্ৰা প্ৰদানৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছো।নগাঁও চহৰক উন্নয়নৰ নতুত্বৰে জাতিষ্কাৰ কৰাৰ উদ্দেশ্যে আজিও চহৰখনৰ পৌৰসভা এলেকাৰ ১৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভূঞাপট্টি শিশু উদ্যানৰ চাৰিসীমাৰ নৱ নিৰ্মিত পকীদেৱাল উদ্ধোধন কৰা হয় বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে । এই উদ্যানখনত শিশুৱে উমলি আনন্দ লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।আনহাতে নগাঁও পৌৰসভা এলেকাৰ পথৰ উন্নয়নে নগাঁও বাসী ৰাইজক উপকৃত কৰিব বুলিও বিধায়ক গৰাকী আশাবাদী। সো়মবাৰে আধাৰশিলা স্থাপন কৰা পৌৰসভা এলেকাৰ পথ সমূহ হৈছে- ৮ নং ৱাৰ্ডৰ এন বি পি উপপথ, ২২নং ৱাৰ্ডৰ লখিমী পথ, ২নং ৱাৰ্ডৰ ৰামকৃষ্ণ পলি উপপথ,২১নং ৱাৰ্ডৰ লাচিত নগৰ পথ,১ নং ৱাৰ্ডৰ হয়বৰগাঁও হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পথ ,২নং ৱাৰ্ডৰ শান্তিপুৰ উপপথ,৬নং ৱাৰ্ডৰ হৰিজন কলনি পথ,১৯ নং ৱাৰ্ডৰ ফুলচান্দ বৰা পথ,১৯ নং ৱাৰ্ডৰ ভোলা বৰুৱা পথ,১৯ নং ৱাৰ্ডৰ খুটিকটীয়া কলংপাৰ পথ, ১৬ নং ৱাৰ্ডৰ দেছুৱালী পট্টি পথ,১৬নং ৱাৰ্ডৰ কীৰ্তন ঘৰ পথ আৰু ২ নং ৱাৰ্ডৰ শান্তিপুৰৰ কালী মন্দিৰৰ সমীপৰ ১ নং উপপথ ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে সুমিত ছাত্তাৱানৰ যোগদান
- ডিমৌত অবৈধ ভূমি খননৰ বিৰুদ্ধে ডিমৌ ৰাজহ চক্রৰ কাৰ্য্যালয়ৰ সন্মুখত আদিবাসী ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট
- টংলাত পথ আৰু নলা উন্নয়নৰ দাবীত বিজুলীনগৰবাসীৰ বিক্ষোভ
- নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ
- ‘ঘৰত বহি আয় কৰক’ বিজ্ঞাপনত প্ৰতাৰণা; ১০০ত কৈও অধিক ৱেবছাইট ইতিমধ্যে নিষিদ্ধ কৰিলে কেন্দ্ৰই
- ভাৰত চৰকাৰৰ ‘সকলোৰে বাবে আবাস গৃহ’ আঁচনি; বঙাইগাঁও জিলাত বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে ৬০,৭০৬ টা প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনাৰ গৃহৰ অনুমোদন
- অৰণ্যমানৱ-পদ্মশ্ৰী যাদৱ পায়েং আৰু বিধায়ক পদ্ম হাজৰিকাক লগত লৈ মৰঙিত হাতী-মানুহৰ সংঘাতৰ সমাধান সূত্ৰৰ সন্ধান খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ
- পাটাছাৰকুছি ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘মধুবন’ উন্মোচন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ
- বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ সম্পূৰ্ণ ! ১৮৫৩ চনৰ পৰা আৰম্ভ হোৱা বিবাদৰ ইতিহাস…
- মনত পৰে ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ডবোৰলৈ