Breaking

নগাঁৱৰ লাওগাঁও পঞ্চায়তত একেদিনাই ৭ টাকৈ আচঁনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

0 1,235

নগাঁও, ১৫ নবেম্বৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত লাওগাঁও পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগৰ অধীনত ৭টাকৈ আঁচনিৰ আজি শুভ‌উদ্ধোধন কৰে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই। আজি শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে লাওগাঁও পঞ্চায়তৰ চান্দমাৰী জুৰীয়া লোকনিৰ্মাণ পথৰ পৰা ছহিদুল ইছলামৰ ঘৰলৈকে চি চি ব্লকৰ পথ।চান্দমাৰী জুৰীয়া লোকনিৰ্মাণ পথৰ পৰা আনিছুৰ মাষ্টৰৰ ঘৰলৈকে চি চি ব্লকৰ পথ, বেলতলি ৰৌমাৰী পথৰ ছফিকুল ইছলামৰ ঘৰ হৈ মাগুনি পথাৰলৈ চি চি ব্লকৰ পথ, আব্দুল হেকিমৰ দোকানৰ পৰা পশ্চিম ৰৌমাৰী নিম্ন বুনিয়াদী বিদ্যালয়লৈ চি চি ব্লকৰ পথ, লাওগাঁও হাইস্কুল চৌহদত থকা সমূহীয়া ভৱনৰ উন্নীতকৰণ, চান্দমাৰী জুৰীয়া লোকনিৰ্মাণ পথৰ পৰা চহিদুল ইছলামৰ ঘৰলৈকে চি চি ব্লকৰ পথ, সোনাই দলঙৰ পৰা ছাইফুল ইছলামৰ ঘৰলৈকে চি চি ব্লকৰ পথ নিৰ্মাণ। । উল্লেখিত আঁচনি সমূহৰ প্ৰথম দুখন আ‌ঁচনি বিত্তীয় বৰ্ষ ২০১৮-১৯ ৰ বিপৰীতে বাকী আঁচনি সমূহ ২০১৯-২০ বিত্তীয় বৰ্ষৰ আবন্টিত পূজিঁৰে নিৰ্মিত।আজি আচনি সমূহৰ শুভাৰম্ভ অনুষ্ঠানৰ লগতে স‌ংগতি ৰাখি লাওগাঁও পঞ্চায়ত আৰু বুথ কমিটিৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বিশিষ্ট সমাজকৰ্মী চাইদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে চহৰাঞ্চলৰ সমানে গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে। বিশেষকৈ বাট- পথ আৰু যাতায়ত ব্যৱস্থা উন্নয়নত বৰ্তমানৰ চৰকাৰখনে অধিক গুৰুত্ব প্ৰদান কৰিছে।আজি শুভাৰম্ভ কৰা আঁচনি সমূহৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণ উপকৃত হব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে। আজি শুভাৰম্ভ হোৱা উন্নয়নমূলক আঁচনি সমূহৰ উদ্ধোধনী অনুষ্ঠানৰ লগতে ৰাজহুৱা সভাখনত লাওগাঁও পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলাম, আঞ্চলিক পঞ্চায়তৰ সদস্য জোব্ৰিন নাহাৰ চৌধুৰী প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধি, দলীয় কাৰ্যকতা সকলৰ লগতে ভালেসংখ্যক স্হানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply