Breaking

নগাঁও চহৰৰ তিনিখন শ্মশানৰ আন্ত: গাঁথনি উন্নয়নৰ কামৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

0 1,334

নগাঁও, ৪ অক্টোবৰ : অসম চৰকাৰৰ নগৰ আন্ত:গাঠনি উন্নয়ন পূঁজিৰ ২০১৯-২০ বৰ্ষৰ অধীনত দুই কোটি টকা ব্যয় সাপেক্ষে নগাঁও চহৰৰ তিনিখন শ্মশান ক্ৰমে আমোলাপট্টি, হয়বৰগাঁও আৰু মধুপুৰ শ্মশানৰ আন্ত:গাঠনি উন্নয়নৰ কামৰ আজি আধাৰশিলা স্থাপন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। আজি পুৱা নগাঁও চহৰৰ আমোলাপট্টি শ্মশানৰ আন্ত: গাঠনি উন্নয়নৰ কামৰ আধাৰশিলা স্থাপন কৰি বিধায়ক ৰূপক শৰ্মাই হিন্দু ধৰ্মাৱলম্বী লোকৰ জীৱনৰ অন্তিম যাত্রাৰ স্থলী শ্মশানকেইখনৰ পৰিবেশ আৰু প্ৰয়োজনীয় সা-সুবিধাসমূহ সঠিক ৰূপত নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্মশান কেইখন আটকধুনীয়াকৈ ৰাখিবৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে । আনহাতে বিগত চাৰে চাৰিটা বছৰত নগাঁও চহৰত সম্পন্ন হোৱা বিভিন্ন উন্নয়ন মূলক কাম কাজৰ বিষয়ে উল্লেখ কৰি বিধায়ক শৰ্মাই চহৰখনৰ আনন্দৰাম ঢেকিয়াল ফুকন সেতুৰ পৰা আইন মহাবিদ্যালয়ৰ দলঙলৈকে কলঙৰ কাষে কাষে এখন পদ সেতু নির্মাণৰ কাম শীঘ্ৰে আৰম্ভ হব বুলিও জানিবলৈ দিয়ে । ইপিনে সকলো যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা ২৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগা নগাঁও চহৰৰ মৰিকলং বিলৰ চাৰিও কাষৰ সৌন্দর্যবৰ্ধনৰ কাম শীঘ্ৰে আৰম্ভ হব বুলিও বিধায়ক গৰাকীয়ে সভাত জানিবলৈ দিয়ে । আনহাতে আগন্তুক তিনিমাহৰ ভিতৰত নগাঁও সদৰ সমষ্টিৰ বাকী থকা সকলো বাট পথৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলিও বিধায়ক গৰাকীয়ে সভাত ঘোষণা কৰে । নগাঁও চহৰৰ উন্নয়ন মূলক কাম কাজত ৰাইজৰ সহযোগিতাক বিধায়ক গৰাকীয়ে শলাগ লয়। আমোলাপট্টি শ্মশান সমিতিৰ সভাপতি সীমান্ত বৰাৰ সভাপতিত্ব অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত গড়কাপ্তানী বিভাগৰ নগাঁও গৃহ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰভাত শইকীয়া, সহকাৰী কাৰ্যবাহী অভিযন্তা মিনাৰা হুছেইন, কনিষ্ঠ অভিযন্তা পল্লৱজ্যোতি মহন্তৰ লগতে স্হানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য আমোলাপট্টি শ্মশানৰ আন্ত গাঁথনি উন্নয়নৰ বাবে ৫৬ লাখ টকা ধার্য কৰা হয়।

Leave A Reply