Breaking

বিধায়ক শ্বেৰমানৰ গ্ৰেপ্তাৰক আদৰণি বিভিন্নজনৰ

0 1,530

আজি বিতৰ্কিত বিধায়ক শ্বেৰমান আলিৰ গ্ৰেপ্তাৰৰ পিছতে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে ছহিদ দয়ানন্দ শৰ্মাৰ জ্যেষ্ঠ ভাতৃ ড’ জয়নাথ শৰ্মাই।প্ৰাক্তনমন্ত্ৰী জয়নাথ শৰ্মাই কয় চৰকাৰৰ পদক্ষেপক মই আদৰনি জনাইছো।অপৰাধীক সদায় আইনগত শাস্তি প্ৰদান কৰিব লাগে।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে বিধায়কজনক কেতিয়াবাই গ্ৰেপ্তাৰ কৰিব লাগিছিল। প্ৰদেশ কংগ্ৰেছে শ্বেৰমান আলিক কাৰনদৰ্শোৱা জাননী প্ৰেৰণ কৰাৰ পিছতহে গা লৰিছে চৰকাৰৰ।ইমানদিনে আইন ক’ত লুকাই আছিল বুলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ।সোনাই সমষ্টিৰ এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয় যে বিধায়কজনে বিতৰ্কিত মন্তব্য কৰিব নালাগিছিল। বিধায়ক পদত থাকি ৰাজনৈতিক মন্তব্য কৰিব লাগে। কিন্তু সেইবুলিয়েই সমাজৰ বিৰুদ্ধে মন্তব্য কৰাটো  উচিত নহয়।

Leave A Reply