Breaking

দেৰগাঁৱৰ কুমাৰগাঁও যোৰবাৰী মাদ্ৰাছাত ভ্ৰাম্যমাণ বিনামূলীয়া চিকিৎসা সেৱা শিৱিৰ

0 75

মানৱ সেৱাই ঈশ্বৰ সেৱা- এই মূল মন্ত্ৰৰে বিবেকানন্দ কেন্দ,এন:আৰ:এল চিকিৎসালয়ৰ সহযোগত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ সৌজ্যনত ৩নং গেট যুৱ সমিতিৰ তত্বৃাবধানত বৃহস্পতি বাৰে দেৰগাঁৱৰ কুমাৰ গাঁৱৰ যোৰবাৰী মাদ্ৰাছাৰাৰ প্ৰাঙ্গনত এক ভ্ৰাম্যমাণ চিকিৎসা সেৱা শিৱিৰ অনুষ্ঠিত হয়। যোৰবাৰী অঞ্চলৰ দুই শতাধিক ব্যক্তিক চিকিৎসা সেৱা প্ৰদান কৰা হয় ।

উক্ত ভ্ৰাম্যমাণ চিকিৎসা সেৱা শিৱিৰটোত বিবেকানন্দ এন:আৰ:এল: চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা: চন্দিপা চক্ৰৱৰ্ত্তী,ডাঃনিভা দত্ত বৰুৱা …চিকিৎসাকৰ্মী ক্ৰমে পূৰ্ণিমা গোৱালা,মনোৰমা সেন,ৰাহুল ৰাজপুত,আশীষ গগৈ।দিপমূন বাৰুকিয়াল,বিশ্বজিৎ গগৈ ,নিৰ্মল বৰ্মনৰ উপস্থিতিত চিকিৎসা সেৱা আগবঢ়োৱা হয়। উক্ত চিকিৎসা শিৱিৰৰ লগত সংহতি ৰাখি মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মাদক দ্ৰবৰ এক সজাগতা মূলক পাঠদান আগবঢ়াই মানসিক ৰোগৰ বিশেষজ্ঞ ডাঃ মৌচুমী সিংহাই ।

চিকিৎসা শিবিৰ উদ্বোধন কৰে দেৰগাঁও পৌৰসভাৰ ৩নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা মিতালী ফুকন বৰুৱাই।অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তথা বোলছবি প্ৰযোজক মঃনুৰুল চুলতান,বিশিষ্ট সমাজকৰ্মী মঃৰাজুমণি হুছেইন ,চৈয়দ খাইৰুল ইছলাম,অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উত্তৰ-পূৱৰ সম্পাদক সত্যজিত হাজৰিকা,সমাজকৰ্মী ময়ূৰী বৰা আদি বিশিষ্ট ব্যক্তি সকল। শিবিৰটোত দুই শতাধিক লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে ঔষধ যোগান ধৰা হয় । শিৱিৰটোত চিকিৎসা গ্ৰহন কৰি যোৰবাৰী অঞ্চলৰ ব্যক্তি সকলে চিকিৎসক সকলক আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰে।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Leave A Reply