Breaking

বিবাহিত জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু মোবাইল ফোন! মোবাইলক নহয়, সংগীক সময় দিয়ক…

0 24

সম্পৰ্কক ভালে ৰাখিবলৈ হ’লে কিছুমান কথা মনত ৰাখিব লাগিব। পতী-পত্নীৰ সম্পৰ্ক ভালে ৰাখিবলৈ কিছুমান নিয়ম মানি চলিব লাগিব। ইজনে সিজনৰ প্ৰতি মৰম, আৱেগ সলনি কেতিয়াবা উদাসীনতা, ভুল বুজাবুজিৰ সৃষ্টি হয়, প্ৰেম যেন ক’ৰবাত নোহোৱা হৈ যায়। সময়ৰ লগে লগে ইজনে সিজনৰ প্ৰতি ইগো গঢ় লৈ উঠে, আকৰ্ষণ কমি যায়।এই সকলোবোৰ সমস্যাৰ লগে লগে অস্থিৰতাও আহি পৰে। মত বিৰোধৰ পৰা সৰু সৰু শব্দইও বিশৃংখলতাৰ সৃষ্টি কৰে জীৱনটোত। ভিতৰত যিমানেই প্ৰেম আছে, প্ৰকাশভংগীৰ অভাৱেই মূল চাবিকাঠি হৈ পৰে। কিন্তু এই পৰিস্থিতিৰ পৰাই সম্পৰ্কটো শক্তিশালী কৰিব লাগিব। কেনেকৈ আমি আমাৰ আপোন মানুহৰ লগত সম্পৰ্ক ভালে ৰাখিম জানো আহক-


সময়ঃ এতিয়া আমি আমাৰ সংগীতকৈ আমাৰ ফোনটোৰ লগত বেছি সময় কটাওঁ। অফিচৰ পৰা ঘৰলৈ উভতি আহি ফোনটোৰ লগত ব্যস্ত থাকোঁ! সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ এটা কাৰণ হ’ল ইজনে সিজনক সময় নিদিয়া। দৈনন্দিন কাৰ্যবোৰ ইজনে সিজনৰ লগত ভাগ-বতৰা কৰা, ইজনে সিজনৰ কথাক গুৰুত্ব দিয়া – এই সকলোবোৰতে আপোনাৰ সংগীক চিনি পোৱাৰ চাবিকাঠি নিহিত হৈ থাকে। গতিকে আপোনাৰ সংগীৰ বাবে দিনটোৰ কিছু সময় ৰাখক আৰু সেই সময়ছোৱাত ফোনটো চাইলেণ্ট মোডত ৰাখক।

ৰোমাঞ্চঃ ইজনে সিজনৰ মনত কি চলি আছে সেয়া জনাটো অতি প্ৰয়োজনীয়। কিন্তু সংগীক সুখী কৰাৰ পথ বিচাৰিব লাগিব। প্ৰেমে যথেষ্ট নহয়। কেতিয়াবা মৰম দেখুৱাব লগা হয়। আপোনাৰ সংগীক সৰু সৰু চাৰপ্ৰাইজ দিয়ক, সংগীক প্ৰশংসা কৰক, কেতিয়াবা একেলগে ওলাই যোৱা এই কামবোৰক আপোনালোকক সুখত ৰাখিব।

কৃতজ্ঞতাঃ সম্পৰ্ক হ’ল সংগীৰ উত্থান-পতনৰ মাজেৰে ইজনে সিজনৰ কাষত থকা। কিন্তু বহু সময়ত আমি আমাৰ সংগীক ধন্যবাদ নিদিওঁ। আপোনজনক শব্দৰে ধন্যবাদ জনোৱাৰ প্ৰয়োজন নাই। কিন্তু কেতিয়াবা এই শব্দটোৱে সন্মুখৰ মানুহজনক ভাল অনুভৱ কৰাব পাৰে। কেতিয়াবা তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাটো শব্দৰে প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ।

একেলগে কাম কৰকঃ ইজনে সিজনৰ লগত সময় কটাবলৈ সুযোগ বিচাৰক। একেলগে ঘৰুৱা কাম কৰিব পাৰে। আপুনি দেখিব যে সম্পৰ্কৰ জটিলতা বহুত কমিছে। কেৱল ঘৰুৱা কামেই নহয়, ইজনে সিজনৰ লগত সময় কটাবলৈও আপুনি শাৰীৰিক ব্যায়াম কৰিব পাৰে, একেলগে সাঁতুৰিব পাৰে। নহ’লে ৰাতি অলপ খোজ কাঢ়িব পাৰি। যিমানেই ইজনে সিজনৰ ওচৰত থাকিব সিমানেই ভুল বুজাবুজি কম হ’ব।

পুৰণি বিবাদ পাহৰি যোৱাঃ কোনো পুৰণি বিষয় বা বিবাদক কাজিয়ালৈ টানি নিব নালাগে। একেলগে থাকিব বিচাৰিলে তৰ্ক-বিতৰ্ক হ’ব। কিন্তু ৰাতি তৰ্ক-বিতৰ্কই শুই নাযাব। ভালপোৱাজনৰ সৰু সৰু ভুলবোৰ ক্ষমা কৰিব। অতীতৰ বিবাদবোৰ বাৰে বাৰে উত্থাপন কৰিলে কেতিয়াও সুখী নহ’ব।

Leave A Reply