Breaking

বাঘবৰৰ মাজৰচৰত নাৱেৰে ভ্ৰাম্যমাণ চিকিৎসা, বানপীড়িত অঞ্চলত ঘৰে ঘৰেগৈ চিকিৎসা সেৱা

0 1,063

বাঘবৰৰ মাজৰচৰত নাৱেৰে ভ্ৰাম্যমাণ চিকিৎসা, বানপীড়িত অঞ্চলত ঘৰে ঘৰেগৈ চিকিৎসা সেৱা।বানপীড়িত জনসাধাৰণে অৰ্থনৈতিক ভাৱে কঙাল হোৱাত আলোপতি স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ দলে লৈছে এই বিশেষ পদক্ষেপ।বৰপেটা জিলাৰ মন্দিয়া স্বাস্থ্য খণ্ডৰ অন্তৰ্গত আলোপতি চৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ এটা সজাতি দলে পূৱ মাজৰ চৰত এখন বানবিধস্ত অঞ্চলত যন্ত্ৰ চালিত নাৱৰে গৈ ঘৰে ঘৰে প্ৰদান কৰে বিনামূলীয়া চিকিৎসা সেৱা।

বানবিধস্ত ৰাইজে ঘৰতে বহি বিনামূলীয়া চিকিৎসা সেৱা পোৱাৰ লগতে পাইছে চৰকাৰে যোগান ধৰা বিনামূলীয়া ঔষধ।বান বিভীষিকাময় পৰিস্থিতিত বানপানীত ক’ক-বকাই থকা বান্যাৰ্তৰ সকলৰ বাবে আলোপতি চৰ স্বাস্থ্য কেন্দ্ৰৰ সজাতি দলে লোৱা পদক্ষেপক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

Leave A Reply