Breaking

৯০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে বৰ্ণাঢ্য কাৰ্যসূচীৰে ধৰিত্ৰী দিৱস উদযাপন মডাৰ্ণ ইংলিছ স্কুলৰ…

0 12

সেইজী ধৰণীলৈ আকুণ্ঠ ভালপোৱা প্ৰদৰ্শনেৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক ধুনীয়া ধৰণীলৈ নামি অহা সংকটবোৰ উপলব্ধি কৰোৱাৰ উদ্দেশ্যে আজি নিজৰ চৌহদতে বৰ্ণাঢ্য কাৰ্যসূচীৰে ধৰিত্ৰী দিৱস উদযাপন কৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে। বিদ্যালয়খনে এই দিৱস উদযাপন উপলক্ষ্যে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, পোষ্টাৰ নিৰ্মাণ আৰু প্ৰবন্ধ লিখা প্ৰতিযোগিতাৰ আয়োজন কৰে। মডাৰ্ণ ইংলিছ স্কুলৰ এই বিশেষ অনুষ্ঠানত ৯০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

মন কৰিবলগীয়া যে, পূৰ্বেও এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি পৰিৱেশ সজাগতাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ পথ গ্ৰহণ কৰি আহিছে মডাৰ্ণ ইংলিছ স্কুলে। চিত্ৰাংকণ প্ৰতিযোগিতা, পোষ্টাৰ নিৰ্মাণ আৰু প্ৰবন্ধ লিখা প্ৰতিযোগিতা আদি প্ৰতিযোগিতা আৰু কাৰ্যসূচীৰ জৰিয়তে ধুনীয়া ধৰণীলৈ নামি অহা জৰুৰী পৰিৱেশজনিত সমস্যাসমূহৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে মডাৰ্ণ ইংলিছ স্কুলে। উল্লেখ্য যে, সক্ৰিয় ব্যৱস্থাসমূহক প্ৰেৰণা যোগোৱা আৰু এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে সামূহিক প্ৰচেষ্টাক প্ৰসাৰিত কৰাত এনে পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Leave A Reply