Breaking

মডার্না ক’ভিড ভেকচিন আমদানিত অনুমোদন কেন্দ্রৰ

0 1,520

ভাৰতত চতুর্থটো ক’ৰোনা ভেকচিন

ভাৰতত চতুর্থটো ক’ভিড ভেকচিন জৰুৰীকালীনভাৱে ব্যৱহাৰ হ’ব৷ দেশৰ প্রসিদ্ধ ফার্মাচিটিকেল কোম্পানী চিপ্লাক মডার্না ক’ভিড ভেকচিন আমদানিত অনুমোদন জনাইছে ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া, চমুকৈ ডিচিজিআয়ে৷ সম্প্রতি ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ক’ভিশ্বিল্ড, ভাৰত বায়’টেকৰ ক’ভাক্সিন আৰু ৰাছিয়াৰ স্পুটনিক–ভি দেশজুৰি ব্যৱহাৰ হৈ থকাৰ পিছত চতুর্থটো ভেকচিন মডার্নাৰ ক’ভিড ভেকচিন শীঘ্রেই দেশত প্রয়োগ হ’ব৷ চিপ্লাই প্রকাশ কৰা মতে মডার্নাৰ ক’ভিড ভেকচিন আমেৰিকা যুক্তৰাষ্ট্রৰ খাদ্য আৰু ঔষধ প্রশাসনে জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনোৱাৰ পিছতেই এই ভেকচিনটো ভাৰতত প্রয়োগ কৰাৰ বাবে আবেদন জনায়৷

যোৱা ১৫ এপ্রিল আৰু ১ জুনত চিপ্লাই ডি চি জি আইক অনুমোদনৰ বাবে জনোৱা আবেদনৰ পিছত আজি এই ভেকচিনটোত অনুমোদন জনায় ডি চি জি আয়ে৷ মডার্নাৰ ক’ভিড–১৯ ভেকচিন এম আৰ এন এ–১২৭৩ত ডি চি জি আয়ে অনুমোদন জনাইছে৷

ইপিনে, ক’ভিড–১৯ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা দ্রুতগতিত হ্রাস পাই আহিছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি আক্রান্ত হৈছে ৩৭,৫৫৬জন৷ এদিনত এই আক্রান্তৰ সংখ্যা বিগত ১০২ দিনৰ ভিতৰত সর্বনিম্ন৷ এনেদৰে মৃতকৰ সংখ্যাও হ্রাস পাই আহিছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৯০৭জনৰ৷ এই সংখ্যা হৈছে বিগত ৭৭ দিনৰ ভিতৰত এদিনত সর্বনিম্ন৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে দেশত আক্রান্তৰ সংখ্যা ৩,০৩,১৬,৮৯৭জন আৰু সুস্থ হৈ উঠা লোকৰ সংখ্যা ২,৯৩,৬৬,৬০১জন৷ সুস্থতাৰ হাৰ ৯৬.৮৭ শতাংশ৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটা ৯০৭জনক লৈ দেশত মৃতকৰ সংখ্যা ৩,৯৭,৬৩৭জনলৈ বৃদ্ধি পাইছে৷ মৃত্যুৰ হাৰ ১.৩১ শতাংশ৷ সম্প্রতি দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৫,৫২,৬৫৯জন৷ মুঠ আক্রান্তৰ ১.৮২ শতাংশ৷ দৈনিক পজিটিভিটীৰ হাৰ ২.১২ শতাংশ৷ আনপিনে, আজি পুৱা ৭ বজালৈকে দেশজুৰি এতিয়ালৈ মুঠ ৩২.৯৪ কোটি ভেকচিন ড’জ প্রদান কৰা হৈছে৷

Leave A Reply