Breaking

ৰাজহুৱা সম্পদ বিক্ৰী মোডী চৰকাৰৰ : ২২ মে’ত প্ৰতিবাদ মজদুৰ ইউনিয়নৰ

0 165

তিনিচুকীয়া

ক’ভিড-১৯ ক’ৰোনা ভাইৰাছ মহামাৰীৰ আতংকত গৃহবন্দী জনতাক আত্মনিৰ্ভৰ ভাৰত গঢ়িবলৈ কোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ সম্পদ আৰু শিল্পসমূহ এপদ এপদকৈ পুঁজিপতি গোষ্ঠীৰ হাতত গতাবলৈ ধৰিছে৷ দেশৰ বুনিয়াদ গঢ়া এই সম্পদ আৰু শিল্পসমূহক ক’ৰোনা মহামাৰীৰ আতংকৰ গইনা লৈ বিক্ৰী কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী নীতিৰ বিৰুদ্ধে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও ২২ মে’ত প্ৰতিবাদ সাব্যস্ত কৰিব৷ বুধবাৰে তিনিচুকীয়াত সংগঠনটোৰ কেন্দ্ৰীয় নেতা পুলক গগৈয়ে এই কথা সদৰি কৰিছে৷ প্ৰসংগত উল্লেখ কৰি ৰে’ল শ্ৰমিক নেতাজনে কয় যে সকলো চেণ্ট্ৰেল ট্ৰেড ইউনিয়নে ২২ মে’ত দেশব্যাপী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ঠিৰাং কৰিছে৷ চেণ্ট্ৰেল ট্ৰেড ইউনিয়নসমূহৰ এই প্ৰতিবাদ আৰু আন্দোলনৰ কাৰ্যসূচীলৈ অল ইণ্ডিয়া ৰে’লৱেমেনছ ফেডাৰেচন তথা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷ এই সন্দৰ্ভত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা প্ৰচাৰ সচিব আৰু তিনিচুকীয়া ডিভিজনৰ কনভেনৰ পুলক গগৈয়ে বুধবাৰে তিনিচুকীয়াত এক প্ৰেছ বাৰ্তাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডীয়ে ক’ৰোনা ভাইৰাছৰ মহামাৰীত আতংকিত দেশৰ জনগণক আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা নীতি বচনৰ বিপৰীতে ৰঙা দলিছা পাৰি আদৰি আনি পুঁজিপতি গোষ্ঠীৰ হাতত জাতীয় সম্পদ তৈলক্ষেত্র, ক’লা সোণ কয়লা খনি, বনজ সম্পদ, লাভজনক শিল্প উদ্যোগসমূহ এফালৰ পৰা পানীৰ দৰত বিক্ৰী কৰি থকা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব৷ সমান্তৰালভাৱে দেশৰ বুনিয়াদ গঢ়া শ্ৰমিক শ্ৰেণীৰ অধিকাৰ কাঢ়ি শ্ৰম আইন বিলুপ্তিকৰণ কৰি কৰ্ম সময় আঠ ঘণ্টাৰ পৰা ১২ ঘণ্টালৈ বৃদ্ধি কৰা, শ্ৰমিক ছাটাই দৰে বনুৱাক পেটে-ভাতে মৰা সৰ্বনশীয়া শ্ৰমিক বিৰোধী নীতি, ক’ভিড-১৯ ক’ৰোনা ভাইৰাচ যুঁজৰ যুঁজাৰু বুলি কোৱা স্বাস্থ্য কৰ্মী তথা নাৰ্চক পুস্প বৃষ্টি কৰি অভিবাদন জনোৱা প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে দিনে ৰাতিয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰে’লপথৰ জৰিয়তে দেশৰ সংকট মুচনৰ অৰ্থে মালগাড়ী চলাচল কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সৰবৰাহৰ ক্ষেত্রত কাম কৰা ৰে’ল শ্ৰমিকৰ মৰগীয়া ভাট্টা কৰ্তন কৰা দৰে নিষ্ঠুৰ নীতিৰ বিৰুদ্ধে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে তীব্ৰ নিন্দা কৰিছে৷ ৰে’ল শ্ৰমিকসকলৰ একমাত্র অৰাজনৈতিক শক্তিশালী সংগঠন অল ইণ্ডিয়া ৰে’লৱেমেনছ ফেডাৰেচন আৰু এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে সদায় যুঁজ দি আহিছে৷ প্ৰতিবাদৰ ভাষা বুজি নোপোৱা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে লকডাউনৰ মাজতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ফেচ মাস্ক পৰিধান কৰি নিজ নিজ কৰ্মস্থলীত কৰ্তব্য পালন আৰু সম্পাদন কৰি সমান্তৰালভাৱে ন্যায্য প্ৰাপ্য আদায়ৰ হকে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব বুলি প্ৰকাশ কৰিছে৷

Leave A Reply