Breaking

T20 বেটিং তালিকাত ৮৫৪ পইণ্টেৰে শীৰ্ষত আছে মহম্মদ ৰেজৱান। ইয়াৰোপৰি সূৰ্য কুমাৰ যাদৱে ৮৩৮ পইণ্টেৰে দ্বিতীয় স্থানত আছে।

0 134

টি-২০ বেটিং তালিকাত ৮৫৪ পইণ্টেৰে শীৰ্ষত আছে মহম্মদ ৰেজৱান। ইয়াৰোপৰি সূৰ্য কুমাৰ যাদৱে ৮৩৮ পইণ্টেৰে তৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে।

৩০ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিলেখ ঘটাই ভাৰতীয় ক্ৰিকেটাৰ সূৰ্য্য কুমাৰ যাদৱে বিধ্বংসী বেটিঙেৰে ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰি আহিছে। ২০২০ চনত ভাৰতীয় জাৰ্চি পিন্ধি সূৰ্য কুমাৰ যাদৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিলেখ ঘটায়। ভাৰতীয় জাৰ্চিত এতিয়ালৈকে শ্বৰ্ট অভাৰ ক্ৰিকেটত আধিপত্য বিস্তাৰ কৰিছে সোঁহাতৰ বেটছমেনগৰাকীয়ে। একক ছিজনত টি-২০ ক্ৰিকেটত ভাৰতীয় বেটছমেনৰ মাজত সৰ্বাধিক ৰান কৰাৰ অভিলেখ ইতিমধ্যে সূৰ্য কুমাৰ যাদৱৰ হাতত আছে। বিশ্ব ক্ৰিকেটত এবছৰত সৰ্বাধিক ছয়ৰ অভিলেখও তেওঁৰ হাতত আছে।

২০২২ চনত সপোনৰ ৰূপত আছে ভাৰতৰ ৩৬০⁰ সূৰ্য্য কুমাৰ যাদৱ। বিধ্বংসী বেটিঙৰ বাবে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে আইচিচিয়ে প্ৰকাশ কৰা টি-২০ বেটিং ৰেংকিঙত এক বৃহৎ উন্নতি সাধন কৰিছে। ইফালে, বিশ্ব ক্ৰিকেট পৰিষদে প্ৰকাশ কৰা টি-২০ বেটিং ৰেংকিঙত বাবৰ আজমক এৰি সূৰ্য কুমাৰ যাদৱে দ্বিতীয় স্থান দখল কৰিছে। বৰ্তমান তেওঁৰ সন্মুখত আছে আন এজন পাকিস্তানী ক্ৰিকেটাৰ মহম্মদ ৰেজৱান। তেওঁ ৮৫৪ পইণ্টেৰে শীৰ্ষত আছে। ইয়াৰোপৰি সূৰ্য কুমাৰ যাদৱে ৮৩৮ পইণ্টেৰে তলিকাৰ পিছতে দ্বিতীয় স্থানত আছে। ৮০১ পইণ্টেৰে তৃতীয় স্থানত আছে পাকিস্তানৰ অধিনায়ক বাবৰ আজম।

আপোনালোকক জনাওঁ যে বিশ্ব ক্ৰিকেট পৰিষদে প্ৰকাশ কৰা শীৰ্ষ দহটা টি-২০ বেটিং ৰেংকিঙত আন কোনো ভাৰতীয় ক্ৰিকেটাৰ নাই। এই তালিকাত কে এল ৰাহুল (৬০৬), বিৰাট কোহলী (৬০৫) আৰু ৰোহিত শৰ্মাই (৬০৪) ক্ৰমে ১৪, ১৫ আৰু ১৬ নম্বৰ স্থান দখল কৰিছে। আগন্তুক টি-২০ বিশ্বকাপত সূৰ্য কুমাৰ যাদৱে বেট লৈ মাত্ৰ এটা পঞ্চাশ ইনিংছ খেলিলে এই তালিকাত শীৰ্ষস্থান দখল কৰিব। তেনে ক্ষেত্ৰত মহম্মদ ৰেজৱানে নিজৰ স্থান হেৰুৱাই তালিকাৰ দ্বিতীয় স্থানত উপনীত হ’ব।

Leave A Reply