Breaking

ৰাম মন্দিৰ আন্দোলনৰ অন্যতম উদ্যোক্তা, মোহন ভগৱতে ক’লে : নতুন ভাৰতত সূচনা হ’ল নৱযুগৰ ৷ হনুমান মন্দিৰত পূজা প্ৰধানমন্ত্ৰীৰ : ঘড়ীৰ কাটা মিলাই শুভক্ষণ অনুযায়ী সকলো ধৰ্মীয় প্ৰথা-অনুষ্ঠানত মোডী

0 1,268

অনলাইন বাৰ্তা, ৫ আগষ্ট : নতুন ভাৰতত সূচনা হ’ল নৱযুগৰ৷ এইদৰে কয় ১৯৯০ চনত অযোধ্যাত দেশজুৰি ৰাম মন্দিৰ আন্দোলনৰ অন্যতম উদ্যোক্তা, আৰএছএছৰ প্ৰধান মোহন ভগৱতে৷ ৩০ বছৰৰ পাচত বুধবাৰৰ দিনটোতে নৰেন্দ্ৰ মোডীৰ হাতেৰেই অযোধ্যাত সূচনা হ’ল ৰাম মন্দিৰ নিৰ্মাণৰ৷ উল্লেখ্য যে মহা আড়ম্বৰে অযোধ্যাত ৪০ কিলোগ্ৰাম ওজনৰ ৰূপৰ ইটা গাঁথি ভূমি পূজাৰ যোগে ৰাম মন্দিৰ নিৰ্মাণৰ সূচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে৷ আনহাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, প্ৰধানমন্ত্ৰী মোডীয়ে পাৰে অসম্ভৱৰ শান্তিপূৰ্ণ সমাধান কৰাত৷ প্ৰধানমন্ত্ৰীৰ মুখত কেৱল ৰাম চৰিত৷ ঐক্য-সংহতিৰ বাৰ্তা৷ ১৯৯০ চনত লালকৃষ্ণ আদৱানিৰয়ে সোমনাথৰ পৰা অযোধ্যা পৰ্যন্ত ৰথযাত্ৰা আৰম্ভ কৰিছিল৷ পুৰণা সেই সময়ৰ ছবিত লৌহপুৰুষ আদৱানিৰ কাষত আছিল তেতিয়াৰ বিজেপিৰ কৰ্মকৰ্তা নৰেন্দ্ৰ দামোদৰ দাস মোডী৷ আজি সেই ৰাম মন্দিৰৰ সূচনা কৰাৰ দিনা তেওঁৱে প্ৰধান মুখ৷ সেই দিনৰ নেতৃত্বত থকা লালকৃষ্ণ আদৱানি আজি ভিডিঅ’ কনফাৰেন্স যোগে অংশীদাৰ হ’ল৷ তেওঁৰ উপস্থিতিক এৰি সমগ্ৰ ভূমি পূজা অনুষ্ঠান আবৰ্তিত হয় নৰেন্দ্ৰ মোডীৰ লৈ৷ দিনৰ ১১ বজাত অযোধ্যাৰ আকাশত মোডীৰ হেলিকপ্টাৰ দেখি উল্লাসিত হৈ পৰে সকলো৷ মোডী হেলিকপ্টাৰৰ পৰা নমাৰ পাচত স্বাগত জনায় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ তাৰ পাচতে প্ৰধানমন্ত্ৰী যায় ৰামগঢ়ীৰ হনুমান মন্দিৰত পূজা দিবলৈ৷ মন্দিৰত তেওঁক বস্ত্ৰ আৰু ৰূপৰ মুকুট উপহাৰ দিয়ে৷ তাৰ পাচত ৰামলালা দৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে৷ তাৰ পাচত ঘড়ীৰ কাটা মিলাই শুভক্ষণ অনুযায়ী সকলো ধৰ্মীয় প্ৰথা-অনুষ্ঠান শেষ কৰি মূল মঞ্চত আসন গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে৷ মূল অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সমগ্ৰ ভূমি পূজাৰ প্ৰস্তুতিসহ সকলো কাৰ্যক্ৰম সম্পন্ন হয় যোগী আদিত্যনাথৰ নেতৃত্বত৷ ৫০০ বছৰ অপেক্ষাৰ পাচত এই দিনটো আহিছে বুলি উল্লেখ কৰি আদিত্যনাথে কয়, বহু প্ৰজন্মই এই মুহূৰ্তৰ বাবে অপেক্ষা কৰিছিল ৷

Leave A Reply