Breaking

মাজবাটৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দৈনিক চলিছে ধনৰ লেনদেন

0 1,465

 দেশৰ লগতে ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰ অহাৰ পৰাই দুৰ্নীতিৰ ক্ষেত্ৰত শূন্যসহনশীলতা নীতি  গ্ৰহণ কৰা কথা দেশবাসীয়েও জ্ঞাত । বিশেষকৈ ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী আসনত বহিয়েই হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰি বিভিন্ন দিশত চৰকাৰে দুৰ্নীতি দূৰ কৰাৰ স্বাৰ্থত চৰকাৰ তথা শাসকীয় পক্ষৰ ৰাজনৈতিক দলৰ দলীয় কৰ্মকৰ্তা সকলেও দুৰ্নীতিত লিপ্ত থকা সকলক চিনাক্ত কৰি থকা সময়তে মাজবাট ৰাজহ চক্ৰ কাৰ্য্যালয়ত ঘটিছে এক আজব কাণ্ড । এইবাৰ মাজবাট অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰী সকলৰ সলনি ধন দাবী কৰা হৈছে স্বয়ং শাসকীয় পক্ষৰ  বিজেপি দলৰ অন্যতম  যুৱ নেতা কিশোৰ শৰ্মাৰ পৰাও । মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই জানিব দিয়া মতে সমগ্ৰ মাজবাট বিধানসভা সমষ্টিৰ মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায়ে বোৰ গাঁৱৰ ছাত্ৰ-ছাত্ৰী , ও অভিভাৱক  সকলৰ পৰা দীৰ্ঘদিন ধৰি বছৰেকীয়া আায় ,জাতি,বাসিন্দা প্ৰমান পত্ৰ  আদিৰ নামত ধন সংগ্ৰহ কৰা অভিযোগ নতুন নহয়  ধনৰ বিনিময়ত হে উপৰোক্ত প্ৰমান পত্ৰ  সমূহ মাজবাট ৰাজহ চক্ৰ কাৰ্যালয়ত উপলব্ধ টকা অবিহনে একোৱেই কাম কৰি নিদিয়াৰ অভিযোগ এতিয়া নিত্যনৈমিত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷ মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাকো প্ৰায়ে বহুতে ফোন যোগে দি  অহা কথা শৰ্মাই  ব্যক্ত কৰে ।সেই সূত্ৰে অথবা মাজবাট বাসী ৰাইজৰ অভিযোগ আৰু বিগত কেইবাদিন আগত দৈনন্দিন  বার্তাত প্ৰকাশ পোৱা  মাজবাট ৰাজহ চক্ৰ কাৰ্যলায়ত ধনৰ লেন-দেন হোৱা ইত্যাদি অভিযোগ মৰ্মেদৈনিক শুনিবলৈ পোৱা অভিযোগ মৰ্মে ১৬ আগষ্টত হঠাৎ মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মা মাজবাটৰ ৰাজহ চক্ৰ কাৰ্যালয়ত গৈ  উপস্থিত হয় । যুৱ নেতা কিশোৰ শৰ্মাই তেওঁৰ  খুড়ায়েকৰ পুত্ৰৰ ঢেকীয়াজুলি কলেজত নাম ভৰ্তি কৰাৰ বাবে খুড়াৰ পুত্ৰ  (দেউতাকৰ) বছৰেকীয়া আয়ৰ প্ৰমান পত্ৰ  প্ৰয়োজন হোৱাত এই সুযোগতে যুৱ নেতা কিশোৰ শৰ্মাই ছাত্ৰ গৰাকীৰ  বছৰেকীয়া  আয়ৰ প্ৰমান পত্ৰ উলিয়াই  দিয়াৰ উদ্দেশ্যে  আৰু দৈনিক মাজবাট বাসী ৰাইজে দি অহা অভিযোগ মৰ্মে শৰ্মাই মুখত মাস্ক লগাই একো নজনা ভাও জুৰি বছৰেকীয়া আয়ৰ প্ৰমান পত্ৰ আবেদন কৰাত যুৱ নেতা গৰাকীৰ পৰাও উক্ত ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীয়ে ধন দাবী কৰে । যুৱ নেতা কিশোৰ শৰ্মাক নামত  চিনি পালেও কেতিয়াও সাক্ষাৎ নোহোৱাত মাজবাটৰ এই ৰাজহ চক্ৰ কাৰ্যলায়ৰ চৰকাৰী কৰ্মচাৰীয়ে দুৰ্নীতি দূৰ কৰাৰ ক্ষেত্ৰত এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা শাসকীয় পক্ষৰ যুৱ নেতা কিশোৰ শৰ্মাৰ পৰাও ধন দাবী কৰা কথাও পোহৰলৈ আহিছে ।যুৱ নেতা কিশোৰ শৰ্মাই জানিব দিয়া মতে ৰাইজে দিয়া অভিযোগ মতে ১৬ আগষ্টত  মাজবাটৰ ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাইজে দিয়া অভিযোগ এশ শতাংশ সত্য প্ৰমাণিত হৈছে বুলি মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । লগতে যুৱ নেতা কিশোৰ শৰ্মাই কয় যে তেওঁ চকুৰে দেখা মতে  কিছুমানৰ পৰা চক্ৰ বিষয়াৰ স্বাক্ষৰ কৰাৰ বাবত টকা দিব লাগে বুলি মিছা কথাৰ প্ৰশ্ৰয় লৈও ধন সংগ্ৰহ কৰা কথা সদৰী কৰে । লগতে যুৱ নেতা কিশোৰ শৰ্মাই কয় যে বৰ্তমান মাজবাট ৰাজহ চক্ৰৰ দায়িত্বত উৎপল ডেকাই দায়িত্ব ভাৰ গ্ৰহণ কৰিছে  মাজবাট ৰাজহ চক্ৰ বিষয়া  উৎপল ডেকাৰ নেতৃত্বত সকলো সমস্যা সমাধান কৰিবলৈ  আহ্বান জনাইছে মাজবাটৰ অন্যতম যুৱ নেতা কিশোৰ শৰ্মাই । শৰ্মাই লগতে কয় যে আজিৰ পৰা যাতে কোনো চৰকাৰী কৰ্মচাৰীয়ে ধনৰ লেন দেন নকৰে যেন আৰু যদি দ্বিতীয়বাৰ এইধনৰ কামত লিপ্ত নহবলৈ পুনৰ আহ্বান জনাইছে ৷

Leave A Reply