Breaking

মেৰীজ পাব্লিক স্কুলত তদাৰকী সজাগতা সপ্তাহ- ২০২১ পালন

0 2,051

সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান মেৰীজ পাব্লিক স্কুলত ২৬ অক্টোবৰৰ পৰা ১ নভেম্বৰ লৈকে তদাৰকী সজাগতা সপ্তাহ- ২০২১ পালন কৰে । তাৎপৰ্যপূৰ্ণ এই তদাৰকী সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ শ্রী ধৃতাংশু মণ্ডল বিশ্বাসৰ অধ্যক্ষতাত কালি এক বিশেষ শপত গ্রহণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয় । এই উপলক্ষে বিদ্যালয়ৰ প্ৰাংগনত সমবেত হৈ মেৰীজ পাব্লিক স্কুলৰ অধ্যক্ষ গৰাকীয়ে শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীক তদাৰকী সজাগতা সপ্তাহৰ উদ্দেশ্য ব্যাখ্যা কৰি সকলোকে দুৰ্নীতিমুক্ত সমাজ গঢ়াত ছাত্ৰ – ছাত্ৰীসকলক আত্মনিৰ্ভশীল আৰু সক্রিয়ভাৱে অংশীদাৰ হবলৈ আহ্বান জনায় । লগতে সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে নিজৰ কৰ্তব্য পালন কৰি যাবলৈ আহ্বান কৰে ৷ কাৰ্যসূচীৰ অন্তত শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে শপত বাক্য পাঠ কৰি অংগীকাৰ কৰে ।

Leave A Reply