Breaking

গোলাঘাটত এজেপি নহয় অগপত যোগদান শতাধিক আছুকৰ্মীৰ

0 2,030

“নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলসমূহে অসমীয়া খিলঞ্জীয়া ৰাইজৰ হকে কাম কৰাত কিমান দূৰ সফল হ’ব সেয়া সময়েহে ক’ব । আন্দোলন বহুত হ’ল আন্দোলনৰ পৰা দুটাকৈ ৰাজনৈতিক দল আৰু এজন এম পি দিয়াৰ বাহিৰে কোনো সুফল নাপালোঁ।” আজি অসম গণ পৰিষদৰ জন্ম স্থান গোলাঘাটত দলটোত যোগদান কৰি এনেদৰে মন্তব্য কৰে প্ৰাক্তন আছুকৰ্মীয়ে। আজি গোলাঘাটঃ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত দলটোৰ যোগদান কাৰ্যসূচীত  জিলাখনৰ শতাধিক প্ৰাক্তন আছুকৰ্মীৰ লগতে যুৱক-যুৱতীয়ে দলটোৰ কেন্দ্রীয় সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত  যোগদান কৰে। দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অসমীয়াৰ স্বাৰ্থত একে লগে কাম কৰাৰ মানসেৰে অগপত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে যোগদানকাৰীসকলে। মন্ত্ৰী অতুল বৰাই দলীয় বস্ত্ৰ প্ৰদান কৰি দললৈ সকলোকে আদৰণি জনাই  আছুৰ মজিয়াত পৰা অগপত যোগদান কৰাত নথৈ  আনন্দিত হোৱা বুলি উল্লেখ কৰে।

Leave A Reply