Breaking

নগাঁওত কংগ্ৰেছ এৰি বিজেপিলৈ ২ সহস্ৰাধিক সংখ্যালঘু লোক

0 28

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া সমগ্ৰ দেশৰ সৰ্বাংগীন বিকাশ হোৱাৰ লগতে অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা উন্নয়নে নতুন মাত্ৰা লাভ কৰিছে। সেয়েহে এতিয়া ৰাইজে ভাৰতীয় জনতা পাৰ্টিক আদৰি লৈছে আৰু দলে বলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। অনাগত দিনতো ৰাইজে বিজেপি দলক আদৰি ল’ব আৰু  আমাক ৰাইজৰ বাবে সেৱা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰিব।’-এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।

আজি ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত আৰু হেৰাপট্টি কেন্দুগুৰি গাঁও পঞ্চায়তৰ সহযোগত অনুষ্ঠিত বিশাল যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়কগৰাকীয়ে লগতে কয় যে, ‘বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে চহৰাঞ্চলৰ সমন্তৰালকৈ গ্ৰামাঞ্চলৰ উন্নয়নটো মনোনিবেশ কৰি আহিছে। আমাৰ চৰকাৰে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আমাৰ চৰকাৰে প্ৰদান কৰা উন্নয়ন মূলক আঁচনি সমূহৰ জৰিয়তে সকলো ধৰণৰ লোক বৰ্তমান উপকৃত হৈছে। সেয়েহে চৰকাৰে উন্নয়নমূলক আঁচনি সমূহ ৰূপয়ানৰ ক্ষেত্ৰত কোনো ধৰণৰ হিনদেৰী কৰা নাই।’

হেৰাপট্টি পঞ্চায়তৰ সভানেত্ৰী  ফাইজিলা বেগমৰ সভাপতিত্বত অনুষ্ঠিত বিশাল যোগদান সভাখনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ  দল ত্যাগ কৰি প্ৰায় সহস্ৰাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাবে যোগদান কৰে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা প্ৰতিগৰাকী ব্যক্তিক বিজেপি দললৈ উষ্ম আদৰণি জনাই বিধায়ক ৰূপক শৰ্মাই ।

Leave A Reply