Breaking

ডুমডুমাৰ ফিল’বাৰীত ৮ লক্ষ্যাধিক মূল্যৰ দুখনকৈ চোৰাং কাঠ ভৰ্ত্তি ট্ৰাক জব্দ

0 46

ডিৰাক সীমান্ত

যোৱা দেওবাৰৰ নিশা ডুমডুমাৰ ফিল’বাৰীত সেনাই জব্দ কৰে দুখনকৈ কাঠ ভৰ্তি ট্ৰাক৷ ট্ৰাক দুখন ক্ৰমে এএছ ২৩ চিচি ১৮৭৩ আৰু এএছ ২৩ চিচি ১৮৮২ নম্বৰৰ৷ সেনা শিবিৰৰ সন্মুখেদি ডুমডুমা দিশে গৈ থকাৰ অৱস্থাত ট্ৰাক দুখন জব্দ কৰে কৰ্তব্যৰত ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টে৷ ট্ৰাক দুখনত অৰুণাচলৰ পৰা চোৰাংভাৱে বোজাই কৰি আনিছিল বহু মূল্যবান কাঠ৷ কাঠসহ ট্ৰাক দুখন শেহতীয়াকৈ ডুমডুমাৰ বন বিভাগৰ লোকে নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ লগত জড়িত ব্যৱসায়ী দুজন জনৈক শইকীয়া আৰু সোণোৱাল বুলি জানিব পৰা গৈছে৷ অৱশ্যে প্ৰায় ৮ লক্ষ্যাধিক মূল্যৰ এই কাঠখিনিৰ সৈতে সেনাই কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু বন বিভাগেও এতিয়ালৈকে কাকো আটক কৰিব পৰা নাই৷ উল্লেখযোগ্য যে দেশত লকডাউনৰ পৰিপেক্ষিতত অনুমতি পত্ৰৰ অবিহনে বন্ধ হৈ আছে আন্তঃৰাজ্যিক যাতায়াত৷ তেনে স্থলত যোৱা দেওবাৰৰ নিশা দুখনকৈ চোৰাং কাঠ ভৰ্ত্তি ট্ৰাক অৰুণাচলৰ পৰা কোন পথেৰে অসমত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল সেইয়াও গভীৰ ৰহস্যৰ মাজত৷

Leave A Reply