Breaking

আগন্তুক দূৰ্গা পূজা উপলক্ষে মৰিগাঁও জিলা উপায়ুক্তৰ আলোচনা সভা

0 2,026

মৰিগাঁও জিলাখনৰ বিভিন্ন দূৰ্গা পূজা উদযাপন কমিটিৰ বিষয়ববীয়া সকলৰ লগত পবিতৰা হাট প্ৰেক্ষাগৃহত  জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ পৌৰাহিত্যত চৰকাৰী কভিদ বিধি মানি আগন্তুক দুৰ্গা পূজা সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থত বিভিন্ন নীতি নিৰ্দেশনা সম্পৰ্কত এক আলোচনা সভা অনুষ্ঠিত হয় | এই সভাত উপায়ুক্ত গৰাকীয়ে পূজা কমিটি সমূহে বিভিন্ন নীতি নিৰ্দেশনা, যেনে স্বেচ্ছাসেৱকৰ তালিকাসহ প্ৰশাসনৰ আগতীয়া অনুমতি লোৱা, সুকীয়া প্ৰবেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰা, পূজা কমিটিৰ সকলো সদস্যই প্ৰতিষেধক গ্ৰহণ কৰা, পূজাৰ আগত আৰু পূজা শেষ হোৱাৰ পিছত কভিদ পৰীক্ষা কৰা, সাংস্কৃতিক অনুস্থান বৰ্জন কৰা, বিশাল আকাৰৰ প্ৰতিমা স্থাপন নকৰা, প্ৰতিমা বিসৰ্জনত শোভাযাত্ৰা অনুস্থিত নকৰা আদি বিভিন্ন নীতি নিয়ম মানি চলিব লাগিব বুলি অৱগত কৰে | উক্ত সভাতে জিলা আৰক্ষী অধীক্ষক এ নটৰাজনেও সকলো পূজা কমিটিকে দায়িত্বশীল হবলৈ আহ্বান কৰে আৰু সকলোধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে | সভাত অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী আৰু গৰ্গমোহন দাসো উপস্থিত থাকে |

Leave A Reply