Breaking

মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰে বৈঠক মৰিগাঁও জিলা সাংবাদিক পৰিয়ালৰ

0 81

ভাৰতত কৰ্কট ৰোগীসকলৰ বাবে কাম কৰি থকা গোটসমূহৰ সৰ্ববৃহৎ নেটৱৰ্ক কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক মঙলবাৰে সাংবাদিক পৰিয়াল, মৰিগাঁৱৰ তৰফৰপৰা তেখেতৰ কাৰ্যালয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

জিলা আয়ুক্তগৰাকীৰ এই কৃতিত্বত অভিনন্দন জ্ঞাপন কৰি যুৱ সাংবাদিকৰ দলটোৱে এখনি গামোচা, এটা জাপি আৰু স্মাৰক প্ৰদান কৰি জিলা আয়ুক্তগৰাকীক অভিনন্দন জ্ঞাপন কৰে।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক অভিনন্দন জ্ঞাপন জনোৱা সময়ত মৰিগাঁও জিলা সাংবাদিক পৰিয়ালৰ সদস্য ক্ৰমে কিশোৰ ডেকাৰজা,ভৰত কুমাৰ নাথ, জিণ্টু ডেকা,ৰাহুল ডেকা,মনোৰঞ্জন মহন্ত, চন্দন হীৰা, পবিন বৰা,পিংকু দাস,সঞ্জীৱ বৰা আৰু পুলিন কাকতি উপস্থিত থাকে।

উল্লেখযোগ্য যে অসমত কৰ্কট ৰোগীসকলৰ বাবে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই থকা দ্বীপশিখা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক দেৱাশীষ শৰ্মা হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এই সন্মানীয় পদবীত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ব্যক্তি।

কেঞ্চাৰ কেয়াৰ ইণ্ডিয়া হ’ল এটা বেচৰকাৰী সংস্থা তথা দেশৰ স্বেচ্ছাসেৱী কৰ্কট ৰোগীসকলৰ বাবে কাম কৰি থকা গোটসমূহৰ সৰ্বোচ্চ সংস্থা। কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টি আৰু জনসাধাৰণক শিক্ষিত কৰি তুলি এখন কৰ্কটমুক্ত পৃথিৱী গঢ়ি তোলাই এই সংস্থাৰ মূল উদ্দেশ্য।

Leave A Reply