Breaking

মৰিগাঁও জিলা সাহিত্য সভাৰ ২০২২-২৪বৰ্ষৰ ফলাফল ঘোষণা , সভাপতি হিচাপে মহেন্দ্ৰ শইকীয়া, উপ-সভাপতি হিচাপে প্ৰদীপ ডেকা আৰু সম্পাদক হিচাপে ড০ অচ্যুত কুমাৰ দাসৰ জয়লাভ

0 127

মৰিগাঁও জিলা সাহিত্য সভাৰ ২০২২ -২৪ বৰ্ষৰ নিৰ্বাচিত ফলাফল আজি ঘোষণা হয়। মৰিগাঁও জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি হিচাপে মহেন্দ্ৰ শইকীয়া,উপ-সভাপতি পদত প্ৰদীপ ডেকাই জয়লাভ কৰাৰ বিপৰীতে ড০ অচ্যুত কুমাৰ দাসে বিনা প্ৰতিদ্বন্দিতাৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পদত অধিষ্ঠিত হ’বলৈ সক্ষম হয়। ইফালে,আজি পুৱা ভাগৰ পৰা মূখ্য নিৰ্বাচনী বিষয়া হৰেন্দ্ৰ বৰা,নিৰ্বচনী বিষয়া বুবুমণি গোস্বামী আৰু কুশল কুমাৰ বৰাৰ তত্বাৱধানত জিলা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ভোট গণনা। ভোট গণনাৰ পিছতেই জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাৰ পিছত জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্তই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত সভাপতি হাজৰিকাই আনুষ্ঠানিক ভাৱে ফলাফল ঘোষণা কৰে।

ইফালে, শশীকান্ত হাজৰিকা ভৱন প্ৰাংগণত মৰিগাঁও জিলা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত জিলা সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি নৰেন্দ্ৰ নাথ কেওঁট, প্ৰতিস্থাপক সম্পাদক হৰেন্দ্ৰ বৰা,প্ৰাক্তন সভাপতি ক্ৰমে নৱকান্ত বৰদলৈ,মিলেশ্বৰ পাতৰ, বুবুমণি গোস্বামীৰ লগতে প্ৰাক্তন সম্পাদক ক্ৰমে জয়ন্ত ডেকা, বিৰিঞ্চি কুমাৰ শৰ্মা আৰু অজিত শৰ্মাকে ধৰি জিলা সাহিত্য সভাৰ বিষয়ববীয়া তথা জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সমূহৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰে।

Leave A Reply