Breaking

মৰ্মাহত! একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য নিহত, মতৃকৰ পৰিচয় উদ্ধাৰ…

0 114

মৰ্মাহত! একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য নিহত, মতৃকৰ পৰিচয় উদ্ধাৰ। পুৱতি নিশা দেৰগাঁৱৰ বালিজানত ভয়ংকৰ ঘটনা। গোলাঘাট আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া তিলিঙা মন্দিৰলৈ বুলি বনভোজ খাবলৈ গৈছিল প্ৰায় ৪৫ জনীয়া এটা দল। হঠাতে মাৰ্ঘেৰিটাৰ পৰা আহি থকা এখন ট্ৰাকৰ সতে মুখামুখি সংঘৰ্ষ As 02 Ac 5083 নম্বৰৰ বাছ খনৰ ৷ ১২ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

তাৰ মাজত শিশু আৰু বৃদ্ধও আছে বুলি জানিব পৰা গৈছে ৷ আনহাতে একেটা পৰিয়ালৰ পাঁচগৰাকীকৈ সদস্য নিহত। তেওঁলোক হৈছে অনিমা শইকীয়া (৬০) শুভাকুৰ শইকীয়া (১৩), নিহাৰিকা (১০), দীপালী শইকীয়া (৩৭), পিংকী শইকীয়া (৪৮)। বগী বিলত বনভোজ খাবলৈ বুলি গৈছিল দলটো। গুৰুতৰ ভাৱে আহত ৩২ জন লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পেৰণ কৰা হৈছে। জানিব পৰা মতে পাঁচজনৰ অৱস্থা সংকটজনক। ১২জন মৃতকৰ নাম হ’ল অনিমা শইকীয়া (৬০), শুভংকৰ শইকীয়া (১৩), নীহাৰিকা শইকীয়া (১০), দীপালী শইকীয়া (৩৭), নৱজিৎ শইকীয়া (৪০), পিংকী শইকীয়া (৪৮), ৰিংকী বৰা (১৮), বাছৰ চালক মৃদুল বৰা (৩০), নিত্যানন্দ বৰা (নিতুল) (৪৮), প্রিঞ্চিপ্ৰিয়া বৰা (৭), সোমেশ্বৰ বৰা (৪৩) আৰু ট্ৰাক চালক নুৰ আলম হক।

Leave A Reply